Online Business:পহিলা এপ্ৰিলৰ পৰা অনলাইন ব্যৱসায়িক লেনদেনত প্ৰযোজ্য হ’ব মাচুল

WhatsApp Image 2023 03 30 at 11.18.25

Online Business:

অহা পহিলা এপ্ৰিলৰ পৰা অনলাইনত কৰা টকাৰ লেনদেনৰ বাবদ ভৰিব লাগিব মাচুল। অৱশ্যে সাধাৰণ গ্ৰাহকৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে। কেৱল ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতহে এনে মাচুল প্রযোজ্য হ’ব বুলি সদৰী কৰিছে দ্য নেচনেল পেমেণ্টছ কৰ্প’ৰেছন অৱ ইণ্ডিয়া (এনপিচিআই)-ই।

তদুপৰি সংস্থাটোৱে সদৰী কৰিছে যে ২০০০ টকাৰ ওপৰৰ লেনদেনতহে মাচুল সংগ্ৰহ কৰা হ’ব। টকাৰ পৰিমাণৰ ভিত্তিত মাচুলৰ পৰিমাণো ভিন ভিন হ’ব।

সংস্থাটোৱে জনোৱা মতে, মাচুলৰ পৰিমাণ ০.৫ শতাংশৰ পৰা ১.১ শতাংশলৈ হ’ব। সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে সাধাৰণ অনলাইন লেনদেনত কোনো মাচুল প্রযোজ্য নহ’ব।

বেংক একাউণ্টৰ পৰা বেংক একাউণ্টলৈ লেনদেন মাচুল বিহীন হ’ব। ইয়াৰ বিপৰীতে দূৰসংযোগ, শিক্ষা, পোষ্ট অফিচৰ ক্ষেত্ৰত মাচুলৰ পৰিমাণ হ’ব ০.৭ শতাংশ। ছুপাৰ মাৰ্কেটৰ ক্ষেত্ৰত লেনদেন কৰা ধনৰ পৰিমাণৰ ভিত্তিত মাচুলৰ হাৰ হ’ব ০.৯ শতাংশ। এক শতাংশ মাচুল প্রযোজ্য হ’ব বীমা, চৰকাৰ, মিউচুৱেল ফাণ্ড আৰু ৰে;লৱেৰ ক্ষেত্ৰত

তেনেদৰে ০.৫ শতাংশ হ’ব ইন্ধনৰ ক্ষেত্ৰত আৰু ০.৭ শতাংশ হ’ব কৃষি বাণিজ্যৰ ক্ষেত্ৰত। তথ্য অনুসৰি, এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’বলগীয়া এই ব্যৱস্থাৰ অহা ৩০ ছেপ্টেম্বৰত এনপিচিআই-এ পর্যালোচনা কৰিব ৷

Exit mobile version