UPI : ইউপিআই পেমেণ্টৰ ক্ষেত্ৰত সঁচাকৈয়ে ভৰিব লাগিব নেকি ধন?

upi image 2 800x430 1

UPI :

বৰ্তমানৰ সময়ত বিভিন্ন সা-সামগ্ৰী ক্ৰয় আৰু অন্যান্য বিত্তীয় লেনদেনৰ ক্ষেত্ৰত ইউপিআই পেমেণ্ট পদ্ধতি যথেষ্ট জনপ্ৰিয় হৈছে।

ইউপিআই পদ্ধতিৰে নগদ ধনৰ পৰিৱৰ্তে অনলাইনৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে সহজে ধন পৰিশোধ কৰিব পাৰি।

শেহতীয়াভাৱে প্রকাশিত এক বাতৰি অনুসৰি, পহিলা এপ্ৰিলৰ পৰা দেশত ইউপিআই পেমেণ্ট ব্যৱস্থাত মাচুল বা কৰ আৰোপ কৰা হ’ব। দুহেজাৰ টকাৰ অধিক ধনৰ লেনদেনত ১.১ শতাংশ মাচুল আৰোপ কৰা হ’ব।

অৰ্থাৎ গুগল পে, ফোন পে, পেটিএমৰ দৰে ডিজিটেল ইউপিআই মাধ্যমৰে দুহেজাৰ টকাৰ অধিক আদায় দিলে ১.১ শতাংশ মাচুল ভৰিব লাগিব।

নেচনেল পেমেণ্টছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া (এনপিচিআই)ই জাননীত উল্লেখ কৰা অনুসৰি, দুহেজাৰ টকাৰ অধিক ইউপিআই লেনদেনৰ ক্ষেত্ৰত ১.১ শতাংশ মাচুল ভৰিব লাগিব পাৰে।

এনপিচিআইয়ে উক্ত জাননীত লগতে কৈছে যে এই সিদ্ধান্তৰ ফলত সাধাৰণ গ্রাহক কোনো ধৰণৰে প্ৰভাৱিত নহ’ব। কিয়নো বেংক একাউণ্টৰ স’তে সংযুক্ত ইউপিআই লেনদেনৰ ক্ষেত্ৰত
কোনো মাচুল বা শুল্ক আৰোপ কৰা নহ’ব।

পূৰ্বৰ দৰেই এনে লেনদেন বিনামূলীয়া অব্যাহত থাকিব।কেৱল প্রিপেইড পেমেণ্ট ইনষ্টুমেণ্টছ (পিপিআই) ৱালেট ব্যৱহাৰ কৰিলেহে দুহেজাৰ টকাৰ অধিক লেনদেনত শুল্ক প্রযোজ্য হ’ব আৰু এই ধন ব্যৱসায়ীয়ে আদায় দিব লাগিব।

Exit mobile version