Rss Training Camp In Rangia:ৰঙিয়াৰ তৰণী বৈদ্যগড় হাইস্কুলত আৰ এছ এছৰ ৯ দিনীয়া প্ৰাথমিক প্ৰশিক্ষণ বৰ্গ

WhatsApp Image 2023 03 31 at 14.15.19

Rss Training Camp In Rangia:

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ ৰঙিয়াত ৯ দিনীয়াকৈ প্ৰাথমিক প্ৰশিক্ষণ বৰ্গ আৰম্ভ হয় । উল্লেখ্য যে ৰঙিয়াৰ সমীপবৰ্ত্তী তৰণীত বৈদ্যগড় হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা এই ৯ দিনীয়া প্ৰশিক্ষণ বৰ্গ ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈ ২ এপ্ৰিলত সামৰণি পৰিব ।

আনহাতে এই প্ৰশিক্ষণ বৰ্গত ৪৮ গৰাকীয়ে প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষাৰ্থীসকলে ১৫ খন গাঁও আৰু ১ খন নগৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে বুলি জানিব পৰা গৈছে ।

এই প্ৰশিক্ষণ বৰ্গত কামৰূপ জিলাৰ কাৰ্যবাহ দিগন্ত দাস,জিলা প্ৰচাৰক মিন্তু বৰ্মনকে ধৰি বৌদ্ধিক প্ৰমূখ প্ৰবীণ মেধী, উত্তৰ কামৰূপ জিলাৰ সংবাদ বিভাগৰ প্ৰচাৰ প্ৰমূহ নয়নজ্যোতি তালুকদাৰৰ লগতে ৰঙিয়া নগৰ সংঘ চালক অশ্বিনী কুমাৰ শইকীয়া আৰু স্বয়ং সেৱক সকল উপস্থিত থাকে ।

ইফালে ২ এপ্ৰিলত পুৱা ৯ বজাত ৰঙিয়াৰ তৰণীত স্বয়ং সেৱক সকলৰ পথ সঞ্চলন কাৰ্যসূচীৰে প্ৰাথমিক প্ৰশিক্ষণ বৰ্গৰ সামৰণি পৰিব ।

Exit mobile version