GNRC : চিকিৎসাৰ সলনি অবাধ লুণ্ঠনতহে গুৰুত্ব ব্যক্তিগত নাৰ্ছিং হোমত

fc04e17a d7bf 4dbf 8148 1da8b447483e

GNRC :

চিকিৎসাৰ বাবে অহা ৰোগীক কেকোঁৰা চেপা দি অবাধ লুণ্ঠনৰ বেহা চলাই অহা ব্যক্তিগত নাৰ্ছিং হোম সমূহক লেকাম লগোৱাত ৰাজ্য চৰকাৰৰ চৰম ব্যর্থতাই চকু কপালত তুলিছে সৰ্বসাধাৰণৰ।

মহানগৰীৰ চুপাৰ মাৰ্কেটত থকা ব্যক্তিগত মালিকানাধীন জি.এন. আৰ. চি. নাৰ্ছিং হোমত যোৱা ২৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া মালিগাঁৱৰ গো-শালা নিবাসী পাৰুল বাণী দে নামৰ ৮২ বছৰীয়া ৰোগী এগৰাকীক ভৰ্তি কৰাইছিল তেওঁৰ পৰিয়ালৰ লোকে।

অত্যাধিক কফৰ ৰোগত আক্রান্ত ৰোগী গৰাকীক জি.এন.আৰ.চি. কর্তৃপক্ষই লগে লগে আই.চি. ইউত ভৰ্ত্তি কৰে । নাৰ্ছিং হোমখনলৈ অনাৰ সময়ত ৰোগী গৰাকী কথা-বতৰা কব পৰা অৱস্থাতে আছিল যদিও পৰৱৰ্ত্তী সময়ত তেওঁ কথা ক’ব নোৱাৰা হয় আৰু ক্ৰমাৎ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে।

চাৰিদিন ভেন্টিলেশ্বনত ৰখাৰ পিছত ১০ মাৰ্চৰ নিশা আই.চি.ইউতে ৰোগী গৰাকীৰ মৃত্যু ঘটে বুলি নাৰ্ছিং হোম কর্তৃপক্ষই পৰিয়ালক অৱগত কৰে। ৰোগী গৰাকীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি নাৰ্ছিং হোমখনত যথোচিত চিকিৎসা আৰু তদাৰক নোপোৱাৰ বাবেই ৰোগী গৰাকীয়ে মৃত্যুক সাৱতিব লগা হয়।

কেৱল দামী ঔষধৰ প্ৰেছক্ৰিপছন দিয়া আৰু মোটা অঙ্কৰ ধন আদায় কৰাই এইখন নাৰ্ছিং হোমৰ মূল উদ্দেশ্য বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰিয়ালবৰ্গই কয় যে নাৰ্ছিং হোম কর্তৃপক্ষই কেৱল ধনৰ অঙ্কতে গুৰুত্ব নিদি উপযুক্ত চিকিৎসা ৰোগী গৰাকীৰ এনেদৰে মৃত্যু নঘটিলহেতেন।

সাধাৰন চৰ্দি-জ্বৰত আক্ৰান্ত লোককো আই.চি.ইউত ভৰ্ত্তি আৰু মৃত লোককো ভেন্টিলেশনত ৰাখি চিকিৎসাৰ নামত ৰোগীৰ পৰিয়ালক আর্থিক লুণ্ঠন চলোৱা এইখন নাৰ্ছিং হোমৰ বিষয়ে ইতিপূর্বে অভিযোগ সংবাদ মাধ্যমত প্রকাশ পালেও চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।

চিকিৎসাৰ নামত অবাধে আর্থিক লুণ্ঠন চলাই অহা এনেবোৰ তথাকথিত নাৰ্ছিং হোমৰ বিৰুদ্ধে জনস্বাৰ্থৰ খাতিৰতে চৰকাৰে ক্ষিপ্ৰ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি পৰিয়ালবৰ্গই মত পোষণ কৰে।

Exit mobile version