Master Chef India winner Assam’s Nayanjyoti Saikia: পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উজ্জ্বলি উঠিল দুগৰাকীকৈ অসমীয়া

মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ী নয়নজ্যোতি শইকীয়া,দ্বিতীয় স্থানত অসমৰে শান্তা শৰ্মা

WhatsApp Image 2023 04 01 at 12.32.32

Master Chef India winner Assam’s Nayanjyoti Saikia:

ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত পুনৰ উজ্জ্বলি উঠিল দুগৰাকীকৈ অসমীয়া৷ দেশৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব‘ মাষ্টাৰ চেফ ইণ্ডিয়া চিজন সাতত অসমৰ নাম উজ্বলালে দুগৰাকী অসম সন্তানে।

মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে নয়নজ্যোতি শইকীয়াই ৷আনহাতে অসমৰে শান্তা শৰ্মাই প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হয় ৷

দৰ্শকৰ ব্যাপক সহাৰী লাভ কৰা ৰিয়েলিটি শ্ব’টোৰ সাতৰ চিজনত অসমৰ পৰা তিনিগৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ নিজৰ সুকীয়া ব্যতিক্ৰমী শৈলীৰে ৰন্ধন প্ৰস্তত কৰি দুগৰাকী অসমীয়া শীৰ্ষ খিতাপ অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়াই প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ চুড়ান্ত ৰাউণ্ডত কোমোৰাৰে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন আকৰ্ষিত কৰি ফাইনেলত ট্ৰফীৰ লগতে ২৫ লাখ টকা চেক পুৰস্কাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হয়।

দেশৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’টোৰ বিচাৰক হিচাপে অংশ লয় ৰণবীৰ ব্ৰাৰ আৰু গৰিমা অৰোৰা আৰু বিকাশ খান্নাই৷ আনহাতে ফাইনেলক মুখ্য বিচাৰক ৰূপে ভাগ লয় দেশৰ খ্যাতনামা চেফ সঞ্জীৱ কাপুৰে ।

মনকৰিবলগীয়া যে, প্ৰতিযোগিতাৰ খনৰ ফাইনেলত শীৰ্ষ তিনিজন প্ৰতিযোগী আছিল অসমৰ নয়নজ্যোতি শইকীয়া আৰু শান্তা পৱন শৰ্মাৰ বিপৰীতে মুম্বাইৰ সুৱৰ্ণ বাগুল আছিল।

শুক্ৰবাৰে তিনি প্ৰতিযোগিৰ মাজত মৰণপণ যুঁজ হয় ৷কোনে শ্ব’টোৰ খিতাপ অৰ্জন কৰে ৷ তিনিও গৰাকীয়ে প্ৰতিযোগিতায়ে নতুন তিনি ব্যঞ্জন ৰান্ধিব লগা হৈছিল ৷

প্ৰতিযোগিতাৰ মুখ্য বিচাৰক সমন্বিতে আন তিনি বিচাৰকে ব্যঞ্জনৰ সোৱাদ পৰীক্ষা কৰিছিল ৷ অৱশেষত বিচাৰকৰ তুলাচনীত শ্ৰেষ্ঠ মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে নয়নজ্যোতি শইকীয়াই ৷

স্মতৰ্ৱ্য যে,ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা তিনিচুকীয়াৰ ২৬ বছৰীয়া নয়নজ্যোতিয়ে ৰন্ধনৰ ক্ষেত্ৰত কোনো পেছাদাৰি প্ৰশিক্ষণ বা শিক্ষা লোৱা নাছিল ৷

ৰন্ধনৰ প্ৰতি থকা আগ্ৰহৰ বাবে সময় উলিয়াই মাজে সময়ে বিভিন্ন শৈলীৰে ব্যঞ্জন ৰান্ধিবলৈ শিকাৰ লগতে নিজৰ কিছু সুকীয়া ৰেচিপি প্ৰস্তুত কৰিছিল ৷

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ পৰা স্নাতক ডিগ্ৰী লোৱা নয়নে ২০২০ ত নৰ্থ-ইষ্ট কুকিং চেম্পিয়নশ্বিপত চুড়ান্ত বিজয়ী খিতাপ অৰ্জনৰ বাবেই ‘মাষ্টাৰচেফ ইণ্ডিয়া’লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল ৷

ইয়াৰ মাজতে নয়নে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলট বিভিন্ন ৰন্ধন প্ৰণালী উপস্থাপন কৰিছিল ৷’ মাষ্টাৰচেফ ইণ্ডিয়া’ৰ বিচাৰক তথা দেশৰ প্ৰখ্যাত ৰান্ধনী বিকাশ খান্নাই নয়নৰ ইনষ্টাগ্ৰাম হেণ্ডেল লক্ষ্য কৰিছিল। যিয়ে নয়নক অনুপ্ৰেৰণা যোগায় ৷

নয়নজ্যোতিৰ দেউতাকে তেওঁৰ পুত্ৰ এজন চেফ বা এই কেৰিয়াৰ পুত্ৰই হোৱাটো কামনা কৰা নাছিল  ৷ যাৰবাবে বিকাশ খান্নাই স্বয়ং নিজে তিনিচুকীয়ালৈ আহি নয়নৰ পিতৃক বুজাইবঢ়াই সৈমান কৰাই নয়নক মাষ্টাৰচেফ ইণ্ডিয়া শ্ব’লৈ গৈছিল ৷

তাৰ পাছতে যেন গতিপথ সলনি হয় নয়নৰ ৷ আজি নয়ন দেশৰ ৰন্ধন জগত খনৰ বাবে এক পৰিচিত নাম হৈ পৰিল ৷
শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে মাষ্টাৰচেফ ইণ্ডিয়া  চিজন সাতৰ খিতাপ অৰ্জন কৰাৰ পাছতে নয়নক চেফ হিচাপে নিযুক্তি দিবৰ বাবে তাজ সহ বহু কেইখন ফাইভ ষ্টাৰ হোটেল কৰ্তৃপক্ষই যোগাযোগ কৰিছে ৷

Exit mobile version