Afganistan : আফগানিস্তানত ৰমজান মাহত গান বজোৱাৰ অপৰাধ

মহিলাৰ দ্বাৰা পৰিচালিত অনাতাঁৰ কেন্দ্ৰ বন্ধ কৰিলে তালিবানে

WhatsApp Image 2023 04 03 at 18.31.43

Afganistan :

নাৰীৰ শিক্ষা ব্যৱস্থাত আগতেই কোপ পৰিছিল আফগানিস্তানত। এইবাৰ দেশখনৰ মহিলাৰ দ্বাৰা পৰিচালিত একমাত্র অনাতাঁৰ কেন্দ্ৰটোও বন্ধ কৰি দিলে তালিবান শাসকে।

অনাতাঁৰ কেন্দ্ৰটোৰ বিপক্ষে অভিযোগ হৈছে ইছলামিক ৰীতি-নীতিৰ বাহিৰত গৈ তেওঁলোকে ৰমজান মাহত গান বজাইছে। এই ‘অপৰাধ’তে চেনেলটো বন্ধ কৰি দিয়া হয়। উল্লেখ্য যে ১০ বছৰৰ পূৰ্বে আফগানিস্তানত যাত্ৰা আৰম্ভ কৰিছিল ছদাই বনোয়ানে। যাৰ অৰ্থ হৈছে নাৰীৰ কণ্ঠ।

ছদাই বনোয়ান হৈছে আফগানিস্তানত মহিলাই পৰিচালনা কৰা একমাত্র অনাতাঁৰ কেন্দ্ৰ। ইয়াৰ আঠ কৰ্মচাৰীৰ ছগৰাকীয়েই মহিলা। অভিযোগ উঠিছে যে ৰমজান মাহত সেই ৰেডিঅ’ত গান বজোৱা হৈছে।সেই অপৰাধতে অনাতাঁৰ কেন্দ্ৰটো তালিবানে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

এই প্ৰসংগত বাদাখছান প্ৰদেশৰ তথ্য সংস্কৃতি বিভাগৰ সঞ্চালক মোয়েজউদ্দিন আহমেদিয়ে কয়, ‘অনাতাঁৰ কেন্দ্ৰটোৱে ইছলামিক আমিৰশ্বাহিৰ নিয়ম- কানুন ভংগ কৰিছে । ৰমজান মাহ চলাকালীন তেঁওলোকে একাধিকবাৰ গান আৰু মিউজিক চলাইছে।

যদি অনাতাঁৰ কেন্দ্ৰই নিয়ম মানি চলে আৰু প্ৰতিশ্ৰুতি দিয়ে যে এই ধৰণৰ ঘটনা ভৱিষ্যতে নঘটে, তেনেহ’লে অনাতাঁৰ কেন্দ্ৰটো আকৌ চলোৱাৰ অনুমতি দিয়া হ’ব ‘ মুৰব্বী নাজিয়া।

Exit mobile version