Bhawanipur : ভৱানীপুৰত গলিয়া টোল গেটত যুৱ ছাত্ৰ পৰিষদৰ মূল্যবৃদ্ধি,টোল কৰ,বিদ্যুৎ মাছুল বৃদ্ধি,ঔষধৰ দাম বৃদ্ধিৰ প্ৰতিবাদত অৱস্থান

download 2

Bhawanipur :

ভৱানীপুৰৰ গলিয়াস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত টোল প্লাজাৰ সম্মুখত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে ৰাজ্যখনত হোৱা অত্যাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,টোল কৰ বৃদ্ধি, জীৱনদায়িননী ঔষধৰ দাম বৃদ্ধি,বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰতিবাদত আজি অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ দুই বজাৰ পৰা তিনি বজালৈ অৰ্ধ শতাধিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ নেতা-কৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে অৱস্থানস্থলী তথা প্ৰতিবাদস্থলী।

অৱস্থানৰ লগতে গলিয়াত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে সমদলো কৰে।

Exit mobile version