Jorhat Incident:যোৰহাটত নিশা আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ

পলায়ণ কৰিহে প্ৰাণৰক্ষা আৰক্ষীৰ দলৰ

WhatsApp Image 2023 04 03 at 12.30.10

Jorhat Incident:

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে যোৰহাট চহৰ ৷ ইটোৰ পাছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপে একপ্ৰকাৰ ত্ৰস্তমান কৰি তুলিছে যোৰহাট চহৰবাসীক ৷

আৰক্ষীও অপৰাধীৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰখাৰ মাজতে দেওবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় চহৰখনৰ পুলিবৰত ৷
বৰহুজ গাৱঁলৈ ঘটনা এটাৰ তদন্তৰ বাবে যোৱা আৰক্ষী দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে দুৰ্বৃত্তই ৷

বৰহুজ গাৱঁলৈ গৈ থকা পথত আৰক্ষী দলটোকপানী টেংকীৰ সমীপত কেইজনমান যুৱকে আৰক্ষী বাহন খন আগভেটি ধৰি কুঠাৰেৰে গাড়ীখন আক্ৰমণ কৰাৰ লগতে আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

অৱশ্যে সম্ভাব্য বিপদৰ আশংকা কৰি আৰক্ষী দলটো পলায়ন কৰে ৷ পাছত পুনৰ বৃহৎ আৰক্ষী দল এটা সেই স্থানত উপস্থিত হোৱাত পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় ৷

এইবাৰ পুনৰ আৰক্ষীৰ দলটোৰ ওপৰত একাংশ লোকে হাতত চোকা জাতীয় অস্ত্ৰ লৈ আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ কৰে ৷এই আক্ৰমণত আহত হৈছিল উপ-পৰিদৰ্শক সোণাৰাম গগৈ, কনিষ্টবল ৰাজু মিলি, উত্তম শইকীয়া, প্ৰাঞ্জল কোঁৱৰ, হেমন্ত সোণোৱাল।

আনহাতে নিশাই সংঘটিত এই ঘটনাৰ পাছতে যোৰহাট আৰক্ষী অধীক্ষকে কঠোৰ স্থিতি গ্ৰহণ কৰি অভিযান চলাই আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৰাজিৱ দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ৰাজিবৰ স্বীকাৰোক্তিৰ ভিত্তিত আন সকলৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

মনকৰিবলগীয়া যে, পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ অপৰাধ ৰোধত ব্যৰ্থ হোৱাৰ বাবেই কিছুদিন পূৰ্বে পুলিবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এছ পিয়ে কৰিছিল বদলি ৷

Exit mobile version