kamakhy Murder Case:মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য

কামাখ্যাৰ নৰবলি কাণ্ডৰ জড়িত পাঁচজনক গ্ৰেপ্তাৰ,

WhatsApp Image 2023 04 04 at 4.56.26 PM 1

kamakhy Murder Case :

কামাখ্যা নৰবলি কাণ্ডৰ স’তে জড়িত পাঁচজনক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আজি এক সংবাদমেল যোগে এই কথা সদৰি কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, সুদীৰ্ঘ চাৰিবছৰীয়া অনুসন্ধানৰ অন্তত পাঁচ অপৰাধীক আৰক্ষী জালত পৰে ৷

এইয়া অসম আৰক্ষীৰ বাবে বৃহৎ সাফল্য ৷ ধৃত লোক কেইজন হ’ল ৰাজু বাবা ওৰফে হায়াৰাম মাওৰেয়া,সুৰেশ পাছোৱান, মাতাপ্ৰসাদ পাণ্ডে,কানু তান্ত্ৰিক ওৰফে কানু আচাৰ্যী আৰু প্ৰদীপ পাঠক ৷

উল্লেখ্য যে,২০১৯ৰ ১৯ জুনত নীলাচল পাহাৰৰ বুকুত সংঘটিত হৈছিল লোমহৰ্ষক নৰবলিৰ কাণ্ড । সেই সময়ত অনুষ্ঠিত হোৱা অম্বুবাচী মেলাত কামাখ্যা অঞ্চলৰ দুৰ্গা মন্দিৰৰ কাষত উদ্ধাৰ হৈছিল মহিলাৰ মুণ্ডহীন মৃতদেহ।

জুলাই মাহত মহিলা গৰাকীৰ পূত্ৰই তেওঁৰ টাটোৰ পৰা চিনাক্ত কৰে । এই সন্দৰ্ভত মহিলা গৰাকীয়ে পুত্ৰই দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্তৰ বাবে গঠন কৰিছিল এখন বিশেষ তদন্তকাৰী টিম।

পৰৱৰ্তী সময়ত বিগত এমাহ যোৰা মাৰাথন অনুসন্ধানত ওলাল হত্যাকাণ্ডৰ সমস্ত ঘটনাৱলী৷ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি পশ্চিমবংগৰ কোচ বিহাৰৰ শীতলাকুচিৰ কৈলাশ বৰ্মন নামৰ লোক জনৰ বাসগৃহত উদ্ধাৰ হৈছিল মহিলা গৰাকীৰ কাপোৰ আৰু ৰে’লৰ টিকট। মাতে প্রসাদ পাণ্ডে নামৰ এজন বাবাই লৈ গৈছিল মহিলা গৰাকীৰ কাপোৰ।

ইতিমধ্যে আৰক্ষীৰ জালত পৰা মাতে প্রসাদক মধ্যপ্ৰদেশৰ গ্ৰেপ্তাৰ কৰাৰ পাছতেই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে  হত্যাকাণ্ডৰ সৈতে জড়িত সকলৰ নাম আৰু সমস্ত ঘটনাৰ বিৱৰণ  ৷

স্মতৰ্ৱ্য যে,নৰবলিৰ বাবেই সংঘটিত হৈছিল সমগ্ৰ ঘটনাৰাজী। কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ হোৱা প্রদীপ পাঠক আছিল তন্ত্র-মন্ত্ৰৰ বিশ্বাসীলোক। প্রদীপ পাঠকেই পশ্চিমবংগৰ পৰা মাতি আনিছিল সাধু বাবাক আৰু সমগ্ৰ ঘটনা সংঘটিত হৈছিল ভূতনাথত শ্মশানত।
কামাখ্যা মাক সন্তুষ্ট আৰু প্ৰদীপৰ ভাতৃৰ সোঁৱৰণতেই সেই পূজা কৰা হৈছিল ৷ পূজা চলি থকাৰ মাজতেই মহিলা গৰাকী ফুচুলাই মেলি অত্যাধিক সুৰাপান কৰোৱাই মাতাল কৰি লৈছিল ।

পাছত সুৰামত্ত মহিলাগৰাকীক অম্বুবাচী মেলা চাবলৈ কামাখ্যা মন্দিৰলৈ লৈ গৈছিল ৷ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি থোৱা জয়দূর্গা মন্দিৰতেই সুৰাসক্ত অৱস্থাতে মহিলাগৰাকীক শিৰচ্ছেদ কৰা হয় ৷

এই কাৰ্য সম্পন্ন কৰাৰ বিনিময়ত প্ৰতি গৰাকী তান্ত্রিকৰ হাতত মাননি হিচাপে দিয়ে দহ হেজাৰকৈ টকা ৷ অৱশেষত মহানগৰ আৰক্ষীয়ে নৰবলি কাণ্ডৰ স’তে জড়িত আটাইকেইজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

Exit mobile version