Sikkim 6 Tourists Dead In Massive Avalanche :
পৰ্বতীয়া ৰাজ্য ছিকিমত মঙলবাৰে নাথুলা সীমান্তৰ বৰফাবৃত পাহাৰত সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ফলত অতি কমেও শিশু সহ সাতজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে এঘাৰজনকৈ লোক ৷
আনহাতে হিমস্খলনত ৩০ জন লোক বৰফৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । প্ৰাপ্ত তথ্য মতে,জৱাহৰলাল নেহৰু মাৰ্গৰ পৰা ১৫ কি:মি: নিলগত আজি দুপৰীয়া প্ৰায় ১২.১৫ বজাত হিমস্খলন সংঘটিত হৈছিল।
সূত্ৰ অনুসৰি অঞ্চলটোত হিমস্খলনৰ ফলত পাঁচজন পুৰুষ, এগৰাকী মহিলা আৰু এজন শিশুৰ মৃত্যু হয়৷ পৰ্যটক কঢ়িয়াই অনা এখন বাছ গভীৰ খাৱৈত পৰি যায়।
উল্লেখ্য যে,সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ১৪,১৪০ ফুট উচ্চতাত স্থিত নাথুলা পাছ চীন সীমান্তত অৱস্থিত এক মুখ্য পর্যটন স্থল।
এজন সেনা বিষয়াই সংবাদ মাধ্যমক জানিব দিয়া মতে “সীমান্ত পথ সংস্থাৰ দ্বাৰা ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে আৰু এতিয়ালৈকে ২২ জন লোকক উদ্ধাৰ কৰা হৈছে৷ যাৰ ভিতৰত ৬ জন গভীৰ দ খাৱৈৰ পৰা পৰা উদ্ধাৰ কৰা হৈছে।”
আনহাতে আহত সকলক চিকিৎসাৰ বাবে ওচৰৰ সেনা শিৱিৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
মনকৰিবলগীয়া যে ,হিমস্খলনৰ ফলত নাথুলা পথছোৱাত বৰফাবৃত হৈ পৰাত আঁঠুৰ পথটোৰ দুই মুৰ’ প্ৰায় ১৫০ জনৰো অধিক পৰ্যটক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে৷
ইপিনে,সীমান্ত পথ সন্থাই দ্ৰুতগতিত বৰফাবৃত পথ ছোৱাৰ পৰা বৰফ আতঁৰাই ইতিমধ্যে আবদ্ধ হৈ পৰা ৩৫০ জন পৰ্যটকৰ লগতে ৪০ খন বাহন উদ্ধাৰ কৰা হয়। সীমান্ত পথ সন্থাক উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে ছিকিম আৰক্ষী, ছিকিমৰ ট্ৰেভেল এজেন্ট এছ’চিয়েচন, পর্যটন বিভাগৰ বিষয়া আৰু বাহন চালকসকলে ।