Union Minister Sarbanandra Sonowal:ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা সামুদ্রিক সজাগতা ৱাকাথনৰ ফ্লেগ্‌ অফ

সামুদ্রিক খণ্ডত মহিলা নাবিকসকলে আগবঢ়োৱা অভূতপূর্ব অৱদানৰ বাবে ভূয়সী প্ৰশংসা সোণোৱালৰ

WhatsApp Image 2023 04 05 at 5.45.50 PM

Union Minister Sarbanandra Sonowal:

দেশৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি নতন দিল্লীত ‘সামুদ্রিক সজাগতা ৱাকাথন’ৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত উপস্থিত থকা সকলোকে সর্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে আৰু নাবিক, বন্দৰ কৰ্মী তথা সামুদ্রিক খণ্ডৰ সৈতে জড়িত সকলোকে তেওঁলোকৰ দৃঢ়তা, সমৰ্পিত সেৱা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অভিবাদন জনায়।

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে সামুদ্রিক খণ্ডৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়, “জাহাজ পৰিবহণ খণ্ড হৈছে দেশৰ সমৃদ্ধিৰ জীৱনৰেখা স্বৰূপ আৰু এক ব্যয় সাপেক্ষ, কম খৰচী আৰু দূৰত্ব হ্ৰাস কৰা উত্তম মাধ্যম।

সেয়েহে সামুদ্রিক তথা জাহাজ পৰিবহণ খণ্ডৰ উত্তৰণত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে, এইটো প্রথম ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস যিটো আমি অমৃতকালৰ ভিতৰত উদযাপন কৰি আছোঁ।

দেশৰ অমৃতকালত জাহাজ পৰিবহণ তথা সামুদ্রিক খণ্ডই আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব।” তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত অমৃতকালৰ ভিতৰত আমাৰ দেশৰ দৃষ্টিভংগী হৈছে যুৱচামৰ বাবে বিভিন্ন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

তেখেতৰ গতিশীল নেতৃত্বতে আমি মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০ আৰু প্রধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন তথা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ সৈতে ২০৩৫ চনৰ ভিতৰত সাগৰমালাৰ লক্ষ্যত উপনীত হ’বলৈ নিৰৱচ্ছিন্ন কাম কৰি আছোঁ।

আমি জাহাজ পৰিবহণ খণ্ডক দ্রুতগতিত বিকশিত খণ্ড হিচাপে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে ভাৰত সামুদ্রিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰাৰ লগতে সামুদ্রিক অর্থনীতিৰ মুখ্য বাহক হ’ব পাৰে।”

সামুদ্রিক খণ্ডত মহিলা নাবিকসকলে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকা আৰু তেওঁলোকে আগবঢ়োৱা অভূতপূর্ব অৱদানৰ বিশেষকৈ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে, ১৯১৯ চনৰ ৫ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভাৰতীয় কোম্পানী সিন্ডিয়া ষ্টীম নেভিগেশান কোম্পানী লিমিটেডৰ গ্ৰছ এছ লয়েলটী নামৰ জাহাজখনে বাণিজ্যৰ বাবে ভাৰতৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল।

সেই ঐতিহাসিক পৰিঘটনাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে প্ৰতি বছৰে পাঁচ এপ্ৰিলত ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন কৰে।

ভাৰতীয় অৰ্থনীতিৰ বিকাশত সামুদ্রিক বাণিজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বিশ্ব বাণিজ্যত ইয়াৰ কৌশলগত অৱস্থানৰ দিশত ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ তাৎপৰ্য অত্যন্ত প্ৰাসংগিক আৰু উল্লেখযোগ্য।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পদ য়েছ নায়েক প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, ৰাষ্ট্ৰীয় শিপিং ব’ৰ্ডৰ বিষয়া আৰু সংশ্লিষ্ট আন বিষয়াসকল তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version