Bihu : সমাগত ৰঙালী বিহুক লৈ তৎপৰ ৰাজ্যবাসী

সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে বাগসাৰ দৈ বিক্ৰেতাসকলৰ

IMG 20230406 18175151

Bihu :

বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । ৰঙালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ।সমান্তৰালকৈ দৈ বিক্ৰেতাসকলৰ মাজতো বাঢ়িছে ব্যস্ততা ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাগসাৰ কাহিতামাৰ দৈ বিক্ৰেতা দুৰ্যোধন দাসেও সোৱাদপূৰ্ণ দৈৰ যোগান ধৰিবলৈ হৈ পৰিছে তৎপৰ৷

দুৰ্যোধন দাসে প্ৰতি বছৰে মাঘ বিহু,ব’হাগ বিহু,বিয়া ইত্যাদিৰ বাবে কুইণ্টলে কুইণ্টলে যোগান ধৰিব লগা হয় ম’হৰ উৎকৃষ্ট দৈ৷এইবাৰো ৰাইজৰ চাহিদা পূৰাবৰ বাবে কুইণ্টলৰ হিচাপত ম’হৰ উৎকৃষ্ট দৈ সাজু কৰি তুলিছে বিক্ৰেতাগৰাকীয়ে৷

বিগত প্ৰায় ৪২ টা বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিক্ৰেতা গৰাকীয়ে যোগান ধৰি আহিছে বাঁহৰ চুঙাৰ উৎকৃষ্ট ম’হৰ দৈ৷

কিন্তু উপযুক্ত সা সুবিধাৰ অভাৱৰ বাবে চৰকাৰৰ সামান্য সহযোগিতা আশা কৰিছে বয়োজেষ্ঠ দৈ বিক্ৰেতা দুৰ্যোধন দাসে৷

Exit mobile version