Ellegal bangladeshi Citizens Arrested In kamakhy
মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত বুধবাৰে নিশা ৰে’ল আৰক্ষীৰ জালত পৰে তিনি বাংলাদেশী ৷ গোপন সূত্ৰৰ পমখেদি ৰেল’ৱে পটেকশ্বন ফৰ্ছ আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিয়ানত কৰায়ত্ব হয় অবৈধ বাংলাদেশী তিনিজন ৷
ধৃত বাংলাদেশী কেইজন হ’ল আজিম আলী, সজ্জিল মিঞা আৰু আব্দুল কায়ুম ৷ তিনিওৰে ঘৰ বাংলাদেশৰ ছিলেট জিলাত ৷
আৰক্ষীৰ হাতত কৰায়ত্ব হোৱা বাংলাদেশী কেইজনৰ পৰা বহু নথিপত্ৰ, ভুৱা পাছপ’ৰ্ট আৰু আডাৰকাৰ্ড জব্দ কৰে ৷
আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে তিনিওজনে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি বহু নথিপত্ৰ ভূৱাকৈ প্ৰস্তুত কৰি ইতিমধ্যে কৰ্মৰত হৈ আছিল কাশ্মীৰত ৷
কিন্ত শেহতীয়াকৈ অসমলৈ ৰে’লৰে আহি থকা অৱস্থাত কামাখ্যা ৰে’ল আৰক্ষীৰ জালত পৰে বাংলাদেশী তিনিজন ৷ ঘটনা সম্পৰ্কত ৰে’ল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত বাংলাদেশী তিনিজনক ।