President Draupadi Murmu In Kaziranga : কাজিৰঙাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু

হেলিপেডত আদৰণি জনায় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে

2b56ba9a 3d55 473b a4ae a33f1ff86c8e

President Draupadi Murmu In Kaziranga :

দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু তিনিদিনীয়া কাৰ্যসূচীৰে আজি বিয়লি কাজিৰঙাত উপস্থিত হয় ৷ ইয়াৰ পূবে দিল্লীৰ পৰা ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে আহি দুপৰীয়া যোৰহাট বিমান বন্দৰত অৱতৰণ কৰে ৷

তাৰ পৰা ৰাষ্ট্ৰপতি গৰাকীয়ে বায়ুসেনাৰ হেলিকপ্টাৰেৰে বোকাখাটৰ জেনেৰেল ফিল্ড হেলিপেডত অৱতৰণ কৰে ৷ ৰাষ্ট্ৰপতি গৰাকীক হেলিপেডত আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰা সহ জ্যেষ্ঠ বিষয়া বৰ্গই ৷

ইয়াৰ পৰা পোনে পোনে ৰাষ্ট্ৰপতি গৰাকী ৰাওনা হয় কাজিৰঙালৈ ৷ নিশাটো কাজিৰঙা অতিথিশালাত বাহৰ পাতি শুক্ৰবাৰে বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব ৰাষ্ট্ৰপতি মুৰ্মু ।

একেদৰে শুক্ৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত দুদিনীয়াকৈ আয়োজন কৰা হস্তী মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

ইতিমধ্যে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ সময়ছোৱাত তদাৰক কৰিবৰ বাবে ৰাজ্যৰ তিনি জ্যেষ্ঠ মন্ত্ৰী ক্ৰমে অতুল বৰা, অজন্তা নেওগ ,স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু চন্দ্ৰমোহন পাটোৱাৰী কাজিৰঙাত বাহৰ পাতিছে

উল্লেখ্য যে, শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ মুল কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

Exit mobile version