Three Govt Employed Arrested In Assam:উৎকোচ লৈ ২৪ ঘন্টাত ৰাজ্যত গ্ৰেপ্তাৰ তিনিজনকৈ চৰকাৰী কৰ্মচাৰী

নগাঁও,ধি আৰু বিশ্বনাথত দুনীৰ্তি নিবাৰক শাখাৰ জালত তিনি ঘোচখোৰ কৰ্মচাৰী

WhatsApp Image 2023 04 06 at 1.27.58 PM

Three Govt Employed Arrested In Assam:

বুধাবাৰৰ পৰা আজি দুপৰীয়ালৈকে ৰাজ্যৰ তিনিস্থানত উৎকোচ লৈ হাতে-লোটে আটক হৈছে তিনিজন চৰকাৰী কৰ্মচাৰী ৷

বুধবাৰে নিশা নগাঁও সদৰ থানাৰ উপ-পৰিদৰ্শক সুৰজ উল হকক নিজ চৰকাৰী বাসগৃহত এজন লোকৰ পৰা ১৫ হেজাৰ টকা লওঁতেই হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই

আনহাতে আজি দুপৰীয়া নগাঁৱৰ ধিঙত দুৰ্নীতি নিবাৰক জালত পৰে এজন পঞ্চায়ত সচিব। দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকৰ বাবে আৱন্টিত গৃহ দিয়াৰ বিনিময়ত এজন হিতাধিকাৰীৰ পৰা কাৰ্যালয়তে পাঁচ হেজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় ধিঙৰ লহকৰঘাট পঞ্চায়তৰ সচিব মুকুট চন্দ্ৰ কুমাৰ।

একেদৰে বিশ্বনাথত এজন অৱসৰ প্ৰাপ্ত শিক্ষা গুৰুৰ পৰা পেঞ্চনৰ কাম কৰি দিয়াৰ বিনিময়ত পাঁচহেজাৰ টকা উৎকোচ লৈ আটক হয় বিদ্যালয়ৰ কেৰানী ৷

বিশ্বানাথৰ ফকৰুদ্দিন আলী আহমদ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাছেমৰ পৰা পেঞ্চনৰ কাম কৰি দিয়াৰ বাবদ বিদ্যালয় খনৰে কাৰ্যালয় সহায়ক আনোৱাৰ হুছেইনে বিচাৰিছিল ২২,৫০০ টকা ৷

ইতিপূৰ্বেই অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ আগধন হিচাপে লৈছিল ১০,৫০০ টকা। আজি পুনৰ ৫০০০ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ঘোচখোৰ কেৰানী আনোৱাৰ হুছেইন ৷

অধিক জেৰাৰ বাবে আটকাধীন তিনি গৰাকী ঘোচখোৰ কৰ্মচাৰীক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক আৰু অনুসন্ধান শাখাই ৷

Exit mobile version