Inauguration Of Gaj Utsav 2023 At Kaziranga:কাজিৰঙাত অনুষ্ঠিত গজ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

মহোৎসৱৰ বন্তি প্ৰজ্বলনৰে মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতিয়ে

WhatsApp Image 2023 04 07 at 3.47.05 PM

Inauguration Of Gaj Utsav 2023 At Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা গজ মহোৎসৱৰ শুভাৰম্ভ কৰিলে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ ভাষণ আৰম্ভণি অসমীয়াতে আৰম্ভ কৰি কয়,‘আপোনালোক সকলোকে নমস্কাৰ’ ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, সাম্প্ৰতিক সময়ত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হ’লেও, হাতী সংৰক্ষণক মুল লক্ষ্য হিচাপে লৈ অনুষ্ঠিত কৰা হৈছে ৷ হাতী শান্তিপ্ৰিয় বাবেহে মানুহৰ পোহ মানে।’’ কিন্ত হাতীক বান্ধি মানুহে নিজকে গৌৰৱান্বিত কৰিব নালাগে৷
আন এক প্ৰসংগত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়,আমি যেতিয়া পৱিত্ৰ স্থানলৈ যাও জোতা-চেণ্ডেল খুলি যাও ৷ আজি মই যেতিয়া জীপ চাফাৰীলৈ যাওঁতে দেখা পালো বনকৰ্মী সকলে খালী ভৰিৰে নিজৰ কৰ্তব্য সম্পাদন কৰিছে ৷ এইয়া এক সুন্দৰ নিৰ্দশন দাঙি ধৰিলে ৷

আনহাতে বৃহস্পতিবাৰে তেওঁ কাজিৰঙাত উপস্থিত হোৱাৰ পাছত অসমৰ বিহু নৃত্য দেখি আনন্দিত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় অসমৰ বিহু নৃত্যৰ শৈলী আন সকলোতকৈ পৃথক আৰু আকৰ্ষণীয় । আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো অসমবাসীলৈ।

একেদৰে মই যোৱকালি কাজিৰঙালৈ স্থল পথৰে আহি থাকোতে পথৰ দুয়োকাষে ৰৈ থকা বহুজনে মোক যিধৰণে আদৰণি আৰু মৰম প্ৰকাশ কৰিলে মই সঁচাকৈয়ে অভিভূত ৷ এই মৰম মই সদায় সাচি ৰাখিম বুলি কয় ৰাষ্ট্ৰপতিয়ে ৷

ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে আদৰণি ভাষণ দিয়াৰ পাছতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই তেওঁৰ ভাষণত কয়,এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৫ চনতে ইউনেস্ক’ই ৱৰ্ল্ড হেৰিটেজ অঞ্চল হিচাপে ঘোষনা কৰা হৈছিল ৷

অভয়াৰণ্য খনত এশিঙিয়া গড়ৰ উপৰিও হৰিণা,বন্যহস্তি আৰু ম’হৰো আবাসস্থী৷উদ্যান খনত ১৯৯১-৯২ তে আৰম্ভ হোৱা হস্তী প্ৰকল্পৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজন কৰি অহা হৈছে গজ মহোৎসৱ ৷

মন্ত্ৰী গৰাকীয়ে আৰু কয়, অসমত হাতী সুৰক্ষাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা সচাকৈয়ে শলাগিবলগীয়া ৷ এনে প্ৰেক্ষাপটত এই মহোৎসৱৰ জৰিয়তে সমগ্ৰ দেশৰ প্ৰাকৃতিক সম্পদ সমূহৰ সুৰক্ষাৰ খেত্ৰত লোৱা অনবদ্য অৱদানো প্ৰদৰ্শন কৰা হ’ব ৷

অনুষ্ঠানটিত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া , মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ,মন্ত্ৰীদ্বয় অতুল বৰা আৰু অজন্তা নেওগ ৷ উল্লেখ্য যে,পুৱা ভাগত ৰাষ্ট্ৰপতি গৰাকীয়ে দুটা ৰেঞ্জত জীপ ছাফাৰীত অংশগ্ৰহণ কৰে ৷

Exit mobile version