Burj Khalifa :
এই মুহূর্তত বিশ্বৰ সৰ্বোচ্চ টাৱাৰ বা ভৱন হিচাপে স্বীকৃত হৈছে ডুবাই ‘বুর্জ খলিফা’। এই অট্টালিকাৰ উচ্চতা হৈছে ৮২৮ মিটাৰ।
কিন্তু ‘বুর্জ খলিফা’ক পৰাভূত কৰি কুৱেইটত সম্প্ৰতি নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ টাৱাৰ ‘বুর্জ মুবাৰক’।প্ৰায় এহেজাৰ মিটাৰ উচ্চতাৰ এই টাৱাৰটো কুৱেইটৰ মদিনাত আল হাৰিৰ বা ছিল্ক চিটিৰ প্ৰধান আকর্ষণ।
২০২৩ বৰ্ষৰ ভিতৰতে আল হাৰিত এই টাৱাৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা৷ অৱশ্যে ‘বুর্জ মুবাৰক’ৰ সম্পূৰ্ণ নির্মাণ কার্য সমাপ্ত হ’বলৈ ২৫ বছৰ সময়ৰ প্ৰয়োজন হ’ব।
আৰব্য ৰূপকথা ‘আলিফ লাইলা’ বা এহেজাৰ এক আৰব্য ৰজনীৰ স’তে সংগতি ৰাখি এই টাৱাৰৰ উচ্চতা হ’ব ১,০০১ মিটাৰ। ‘বুর্জ মুবাৰক’ত থাকিব ২৩৪ টা মহলাত থাকিব প্রায় সাত হেজাৰ মানুহ।