Guwahati Road Accident:মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

চিটী বাছৰ খুন্দাত প্ৰাণ গ'ল

WhatsApp Image 2023 04 12 at 11.52.15 AM

Guwahati Road Accident:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে যানজঁট ৷ তাৰ লগে লগে ইটোৰ পাছত সিটোকৈ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷

আজি পুৱা ভাগত বেলতলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ চিটী বাছৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় মুস্তাক আলম নামৰ প’ট্ৰেলৰ সাংবাদিক এজন ৷

মহানগৰীৰ বশিষ্টৰ বৰপথাৰৰ বাসগৃহৰ পৰা দিছপুৰস্থ নিজ কাৰ্যালয়লৈ আহি থকাৰ পথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ ঘটনাটো সংঘটিত হোৱাৰ পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰে চিটী বাছ খন ৷

Exit mobile version