Jonia : জনীয়াত সমন্বয়ৰ উৎকৃষ্ট নিদৰ্শন, নতুনকৈ নিৰ্মাণ হ’বলগীয়া ঈদগাহৰ কামৰ আৰম্ভ কৰিলে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকে

99cfd128 5317 4f7f 885f 8bda937a0aaa

Jonia :

ৰাজ্যত সংঘটিত হোৱা ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৮৩ চনত বিদেশী খেদাৰ নামত নেলীৰ গণহত্যা, বিটিএডিৰ গোষ্ঠী সংঘৰ্ষত ৰক্তৰ সুত বৈ যোৱা পৰিস্থিতিকে ধৰি বিভিন্ন সময়ত এইখন অসম মূলকত হোৱা হিংসাৰ দাবানলৰ জুইয়ে আৰু কোনো বিভেদ কামী শক্তিয়ে কেতিয়াও স্পৰ্শ কৰিব পৰা নাই জনীয়াক।

বৰপেটা সদৰৰ পশ্চিম প্ৰান্তত অৱস্থিত সমগ্ৰ জনীয়া অঞ্চলটোয়েই সমন্বয়ৰ এক তীৰ্থস্থান বুলি কলেও বঢ়াই কোৱা নহ’ব। পাঁচশ বছৰ পূৰ্বে শ্ৰীশ্ৰী পুৰুষোত্তম ঠাকুৰ আতাৰ পদৰেণুৰে ৰঞ্জিত জনীয়া সত্ৰৰ বৰগীতৰ অহিৰ ভৈৰৱ ৰাগ, মছজিদৰ গুৰুগম্ভীৰ আজান, মন্দিৰৰ ঘন্টা আৰু চৰাইৰ-চিৰিকটিৰ কিৰিলিত ৰাতিপুৱায় শান্তিৰ জনীয়াত।

চন্দ্ৰ-সূৰ্য্য, গ্ৰহ-নক্ষত্ৰ থকালৈকে যে, জনীয়াৰ শান্তি সম্প্ৰীতি অটুট থাকিব আজিও যেন তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে জনীয়া সত্ৰ পৰিচালনা সমিতি আৰু জনীয়া-ছনপুৰা আঞ্চলিক ঈদগাহ পৰিচালনা সমিতিয়ে।

১৯৪৫ চনত স্থাপিত জনীয়া-ছনপুৰা আঞ্চলিক ঈদগাহ একাধিক বাৰ বেঁকী নদীৰ গৰাখহনীয়াত জাঁহ গৈছে। ফলত বৃহত্তৰ জনীয়া অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকে অস্থায়ী ভাৱে বিভিন্ন ঠাইত ঈদৰ নামাজ অনুষ্ঠিত কৰি আহিছিল।

ইতিমধ্য অসম চৰকাৰে জনীয়া-ছনপুৰা আঞ্চলিক ঈদগাহৰ নামত পাঁচ বিঘা তিনি কঠা মাটি জনীয়াৰ চৌধুৰী বজাৰৰ সমীপত আৱন্টন দিয়া বুলি জানিব পৰা গৈছে।

উক্ত ভূমিত এই বেলি ঈদ্ ঊল ফিতৰৰ নামাজ অনুষ্ঠিত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। তদুপলক্ষে আজি ঈদগাহৰ নামত আৱন্টিত ঠাইত সমান কৰিবলৈ মাটি পেলোৱা দেখা যায়।

পবিত্ৰ ঈদৰ নামাজ অনুষ্ঠিত কৰিবলৈ মাটি পেলাই সমান কৰা কামৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জনীয়া সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবেন দাস, সম্পাদক দীপজ্যোতি ওঁজা, সালেকুৰা-বাংলীপাৰাৰ গাওঁপ্ৰধান ৰবিন দাস জনীয়া সত্ৰ উন্নয়ন সমিতিৰ সভাপতি অখিল বায়ন, জনীয়া-ছনপুৰা ঈদগাহৰ মুখ্য উপদেষ্টা আব্দুল খালেক বেপাৰী, উপদেষ্টা শিৰাজুল ইছলাম, সভাপতি লিয়াকত খান, কাৰ্য্যকৰী সভাপতি নুৰুল ইছলাম তালুকদাৰ, সম্পাদক দ্বয় মহম্মদ আলী, হামিদ আলীয়ে।

উক্ত অনুষ্ঠানত জনীয়া-ছুনপুৰা ঈদগাহ উপ-সভাপতি ইব্ৰাহিম আলী, জনীয়া-সালেকুৰা বজাৰ কমিটিৰ সভাপতি মীৰ জাকিৰ হুছেইন, আমজাদ আলী, হাশেম আলী, ছিদ্দিক আলীকে আদি কৰি ঈদগাহ আৰু সত্ৰ পৰিচালনা সমিতিৰ ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

সত্ৰৰ নাম প্ৰসংগ সামৰি সত্ৰৰ সভাপতি-সম্পাদক আৰু গাওঁপ্ৰধান ৰবিন দাসৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ কাম সামৰি ঈদগাহ কমিটিৰ আমন্ত্ৰণ ৰক্ষা কৰি নতুনকৈ নিৰ্মাণ হ’বলগীয়া ঈদগাহ ময়দানলৈ অহালৈ ঈদগাহ কমিটিয়ে আন্তৰিকতাৰে কৰা অপেক্ষাৰ যি মাদকতা সেয়া যেন জনীয়াবাসীৰ উভয় সম্প্ৰদায়ৰ বাবে চিৰ স্মৰণীয় হৈ ৰ’ব।

ঈদগাহ নিৰ্মাণ কামৰ আৰম্ভ জনীয়া সত্ৰ পৰিচালনা সমিতিৰ ব্যক্তি সকলে আপ্লুত হোৱা বুলি কোৱাৰ বিপৰীতে সত্ৰ পৰিচালনা কমিটিৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰিবলৈ পাই ঈদগাহ কমিটি যথেষ্ঠ আনন্দিত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Exit mobile version