Garu Bihu In Assam:আজি গৰু বিহু ৰাজ্যৰ চৌদিশে বিহু পাৰভঙা উছাহ,উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ

Bihu 1586784563

Garu Bihu In Assam :

ADVERTISEMENT

আজি গৰু বিহু ৷ গো-উজনিৰ পৰা নামনিলৈ প্ৰতিখন গাঁৱত উখল মাখল পৰিৱেশ ৷গো ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে পুৱাতে গঞাই ।

ৰাজ্যৰ প্ৰতিখন গাঁৱতে এক উচাহৰ ঢল বৈছে ৷ চহা কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু ।

পুৱাতেই গাঁৱৰ ওচৰৰ নৈ বিল জলাশয়ত গৰুক গা ধুৱায় গা ধুৱাই লাওঁ, বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।’

উল্লেখ্য যে,আজি গৰু বিহুৰ এই দিনটোত জাতীয় পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই গৰুৰ দীৰ্ঘায়ু আৰু কামনা কৰে।

আনহাতে সন্ধিয়াভাগত গৰু নতুন পঘাৰে বান্ধি গোহালিলৈ অনা হয়৷

একেদৰে প্ৰতিঘৰ লোকে গোহালি আৰু নিজৰ পদূলিত জাগ দি নতুন বিছনীয়ে বিচি নানা তৰহৰ পিঠাপনা খুৱাই ৷
এইদৰেই উদযাপন কৰি আহিছে অসমীয়া বাপুতিসাহোন ৰঙালী বিহু ৷

Exit mobile version