Amingaon Incident :গৰু বিহুৰ দিনাই আমিনগাৱঁত মৰ্মান্তিক ঘটনা !

ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱা তিনিগৰাকী কিশোৰ-কিশোৰীক সংকটজনক অৱস্থাত উদ্ধাৰ, এক্সেল কেয়াৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু তিনি কিশোৰ-কিশোৰীৰ

WhatsApp Image 2023 04 16 at 1.42.01 PM

Amingaon Incident :

গৰু বিহুৰ আনন্দ উছাহৰ মাজতে আমিনগাঁৱৰ মেদিয়াপাৰাত সংঘটিত হয় এক কৰুণ ঘটনা ৷ বিহুৰ দিনটোত দুপৰীয়া ভাগত মেদিয়াপাৰা অঞ্চলৰ তিনি কিশোৰ–কিশোৰী ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ পানীত ডুব যায় ৷

পাছত প্ৰত্যেকদৰ্শীয়ে অতি তৎপৰতাৰে তিনি কিশোৰ–কিশোৰীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে এক্সেল কেয়াৰ হাস্পতালত ৷

কিন্ত চিকিৎসাধীন অৱস্থাতে আজি তিনিওৰে মৃত্যু হয়। কৰুণ মৃত্যুক সাবটি লোৱা কিশোৰ-কিশোৰী তিনি গৰাকী হ’ল মেদিয়াপাৰাৰ অনন্দ হালদাৰ,অম্বিকা দাস আৰু জিটু দাস ৷ কিশোৰ-কিশোৰী তিনি গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সমগ্ৰ আমিনগাঁও অঞ্চলত৷

Exit mobile version