Liquor Tragedy In Bihar :পুনৰ সুৰা ট্ৰেজেদি বিহাৰত !

বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ১৯ জন গঞাৰ

WhatsApp Image 2023 04 16 at 5.02.40 PM 1

Liquor Tragedy In Bihar :

সুৰা নিষিদ্ধ ৰাজ্য বিহাৰত পুনৰ বিশাক্ত সুৰা পান কৰি মৃত্যু প্ৰায় ১৯ জনকৈ গঞাৰ ৷ ৰাজ্য খনৰ মতিহাৰী জিলাৰ পূব চম্পাৰণত সংঘটিত হয় এই কৰুণ ঘটনা ৷

সুৰা সেৱন ফলত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰে চম্পাৰণৰ স্থানীয় চৰকাৰী চিকিৎসালয়ত ৷

চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাবটি লয় ১৯ জন লোকে ৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে চিকিৎসকে ৷

উল্লেখ্য যে,নীতিশ কুমাৰ চৰকাৰে বিহাৰত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি সুৰামুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছে যদিও ইয়াৰ পূৰ্বে বিশাক্ত সুৰা সেৱন কৰি চাপৰা,মতিহাৰী সহ বহু কেইখন জিলাত বহু লোকৰ মৃত্যু হৈছিল ৷

Exit mobile version