Veteran Journalist PP Singh Passed Away:বিশিষ্ট সাংবাদিক পি পি সিঙৰ দেহাৱসান

সাংবাদিকতাৰ উপৰিও জড়িত হৈ আছিল কেতবোৰ সমাজিক কামত

WhatsApp Image 2023 04 17 at 12.52.05 PM

Veteran Journalist PP Singh Passed Away:

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সতে জড়িত থকা জ্যেষ্ঠ সাংবাদিক পি পি সিঙ দেওবাৰে নিশা গুৱাহাটী নিজ বাসভৱন হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷ ৭২ বছৰীয়া সিঙে সাংবাদিকতাৰ লগতে নানান সামাজিক কামত জড়িত হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈছিল আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি বাসগৃহত জিৰণি লৈ আছিল ৷
সাংবাদিক ক্ষেত্ৰ খনত বিগত ত্ৰিশ বছৰ ধৰি কাম কৰি আছিল পি পি সিঙ ৷

দেশৰ জনপ্ৰিয় ইংৰাজী দৈনিক‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ ত্ৰিপুৰাস্থ প্ৰতিনিধি হিচাপে নিজৰ সাংবাদিক কেৰিয়াৰ আৰম্ভ কৰি পৰৱৰ্তী সময়ত বিবিচি আৰু ইউ কে টাইমচৰ স’তে জড়িত হৈছিল ৷

স্মতৰ্ৱ্য যে,সকলোৰে মাজত পি পি নামেৰে জনাজাত প্ৰৱীণ সাংবাদিক গৰাকীয়ে উত্তৰ-পুৰ্বাঞ্চলৰ পৰা প্ৰথমটো নিউজ প’ট্ৰেলৰ বাটকটীয়া আছিল ৷

প্ৰবীন সাংবাদিক গৰাকীয়ে শেহতীয়াকৈ খালচা চেন্টাৰ নৰ্থ-ইষ্ট নামৰ বেচৰকাৰী সন্থা এটিৰ মুৰব্বী হিচাপে হিচাপে বিভিন্ন সমাজসেৱামূলক কাম কাজ কৰাৰ উপৰিও ৰক্তদানৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছিল ৷ লকডাউন সময়ত বিভিন্ন জনক বিনামূলীয়াকৈ যোগান ধৰিছিল খাদ্য ৷

আনকি মৃত্যুৰ আগমুহূৰ্তলৈকে এই ব্যৱস্থা অব্যাহত ৰাখিছিল ৷ মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে ইহ সংসাৰত এৰি যায় পত্নী ,পুত্ৰ আৰু দুই জীয়ৰী ৷

ইতিমধ্যে মৃত্যুৰ খবৰ পোৱাৰ পাছতে ডিমাপুৰৰ পৰা পত্নী আৰু এগৰাকী জীয়ৰী আজি পুৱাতে গুৱাহাটীত উপস্থিত হোৱাৰ বিপৰীতে ৰাজ্যৰ বাহিৰত থকা পুত্ৰ আৰু আন এগৰাকী জীয়ৰী গুৱাহাটীলৈ আহি আছে বুলি জানিব পৰা গৈছে।

আনহাতে কাইলৈ সাংবাদিক গৰাকীৰ নশ্বৰদেহ ভূতনাথ অথবা নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰাৰ কথা ৷ ইপিনে পি পি সিঙৰ শেষ ইচ্ছা অনুসৰি শংকৰদেৱ নেত্ৰালয়ত ইতিমধ্যে তেওঁৰ নেত্ৰ দান দিয়া হৈছে ৷

বৰ্তমান সাংবাদিক গৰাকীৰ নশ্বৰ দেহ বেলতলা গুৰুদ্বাৰৰ শীতলীকৰণ কফিনত ৰখা হৈছে ৷ জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ মৃত্যুত সাংবাদিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটী শিখ সমাজে।

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক পি পি সিঙৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ৷

Exit mobile version