KLO : কেএলঅ’ৰ দুজন সদস্যক বহিষ্কাৰ

Screenshot 458

KLO :

আজি এক প্ৰেছ বিবৃতিযোগে কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কেএলঅ’)ৰ অধ্যক্ষ জীৱন সিংহ কোচে কয় যে ভাৰত চৰকাৰৰ স’তে আলোচনা আৰু শান্তি আলোচনাত প্ৰৱেশ কৰিবলৈ যুদ্ধ বিৰতি লৈছো যাতে আমাৰ পৃথক ৰাজ্য কামতাপুৰৰ দাবী পূৰণ কৰাৰ বাবে আলোচনা আৰু শান্তি আলোচনা তৈয়াৰ কৰা হয় ।

লগতে জীৱন সিংহই কয় যে কোচ-কামতাপুৰী লোকসকলৰ সামগ্ৰিক বিকাশৰ বাবে দীৰ্ঘদিনীয়া দাবী আৰু ভাৰতীয় উপমহাদেশত আৰু গোলকীয় পৰ্যায়ত তেওঁলোকৰ প্ৰগতিৰ বাবে শান্তিপূৰ্ণ আলোচনাৰ যুগতৰ প্ৰৱেশ কৰিছো, চৰকাৰে আমাক তিনি জানুৱাৰী ২০২৩ তাৰিখে এখন পত্ৰৰ জৰিয়তে শান্তিপূৰ্ণ আলোচনাত প্ৰৱেশ কৰাৰ আকাংক্ষাৰ বিষয়ে অৱগত কৰিছিল।

মই অধ্যক্ষ হিচাপে কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কেএলঅ’)ৰ হৈ এই জাননী জাৰি কৰিছো যাতে মোৰ সকলো দেশবাসী আৰু ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত প্ৰৱেশ কৰিবলৈ অহা ব্যক্তিসকলৰ ভিতৰত দুজন ব্যক্তিয়ে সংগঠনটোৰ নীতিৰ বিৰুদ্ধে কাম কৰিছে আৰু সেয়েহে তেওঁলোকৰ কথা আৰু কাৰ্যকলাপ মানি ল’ব নালাগে বুলি প্ৰেছ বিবৃতি জনাই কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহই।

বিজয় কোচ ওৰফে বিশ্বজিৎ ৰায় আৰু জুন কোচ ওৰফে জয় প্ৰকাশ বৰ্মন নামৰ সদস্য দুজনক তেওঁলোকে সংগঠনটোৰ ভেটি আৰু নীতি বিৰোধী পদক্ষেপ লোৱাৰ লগতে কামতাপুৰী লোকসকলৰ লাভালাভৰ বিপৰীতে অশাসনমূলক কাৰ্য্য সম্পাদন কৰা,তেওঁলোকে অন্যান্য সাংগঠনিক আদৰ্শবাদী শক্তিৰ স’তে সহযোগিতা কৰিছে যিয়ে কামতাপুৰী লোকসকলক বিভক্ত কৰিব বিচাৰে আৰু কামতাপুৰ আৰু কোচ-কামতাপুৰী লোকসকলৰ একত্ৰিত প্ৰগতি আৰু বিকাশত বাধা দিবলৈ সম্প্ৰদায়ৰ মাজত পাৰ্থক্য সৃষ্টি কৰা আৰু কামতাপুৰী লোকসকলৰ মূল্যবোধ আৰু তেওঁলোকৰ ন্যায্য দাবীৰ বিৰুদ্ধে কাম কৰাৰ ফলত তেওঁলোকক সংগঠনৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলি প্ৰেছ বিবৃতিযোগে সদৰি কৰে।

লগতে কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহই কয় যে ,মোৰ সকলো সহযোগীক জনাওঁ বিজয় কোচ আৰু জুন কোচৰ কাৰ্যকলাপক সমৰ্থন কৰা বন্ধ কৰক।মই সকলোকে সংগঠনৰ পৰা তেওঁলোকক বৰ্খাস্ত কৰাৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ আৰু তেওঁলোকক সহায় নকৰিবলৈ আৰু তেওঁলোকৰ পৃথক ধাৰণাবোৰ বহিষ্কাৰ কৰিবলৈ অনুৰোধ জনাইছো। তেওঁলোক আৰু তেওঁলোকৰ কাৰ্যকলাপ আজিৰ দিনটোৰ পৰা কোনো প্ৰকাৰে সংগঠনৰ স’তে সম্পৰ্কিত নহব বুলি প্ৰেছ বিবৃতিযোগে সদৰি কৰে কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহই।

আনহাতে উক্ত ঘটনাকলৈ সশস্ত্ৰ সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ৰ মাজত ফাট মেলা পৰিলক্ষিত হৈছে। সংগঠনৰ সেনাধ্যক্ষৰ মানিব বিচৰা নাই একাংশ সদস্যই। আজি এক ভিডিঅ’ বাৰ্তাযোগে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে একাংশ সদস্যৰ।

কেএলঅৰ সদস্য কমলেশ কোচ ওৰফে কৰ্ণ বৰ্মনে আজি এক ভিডিও বাৰ্তাযোগে কেএলঅ’ৰ সেনাধ্যক্ষ জীৱন সিংহ কোচে জাৰি কৰা নিৰ্দেশৰ বিৰোধিতা কৰিছে।কেএলঅ’ৰ সদস্য বিজয় কোচ আৰু জুন কোচক সংগঠনৰ নীতি নিয়ম নমনাৰ অভিযোগত বহিষ্কাৰ কৰিছে সংগঠনৰ সেনাধ্যক্ষ জীৱন সিংহ কোচে সেইটো আমি মানি নলও বুলি মন্তব্য কৰে কমলেশ কোচে। তেওঁ লগতে কয় যে সংগঠনৰ কোনোৱে সদস্যক বহিষ্কাৰ কৰিব লগা হলে দলীয় ভাৱে সংগঠনৰ সদস্য সকলৰ লগত আলোচনা কৰিহে চহী লৈহে বহিষ্কাৰ কৰিব পাৰে।

সেনাধ্যক্ষ অকলে কাকো বহিষ্কাৰ কৰিব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেএলঅৰ কেডাৰ কমলেশ কোচে। জীৱন সিংহ কোচ চৰকাৰৰ হাতত বিক্ৰী হৈছে বুলি বিষ্ফোৰক মন্তব্য কৰে কেএলঅৰ কেডাৰ কমলেশ কোচে।

কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহ এজন ৰ’ৰ এজেণ্ট হিচাবে শিবিৰত কাম কৰিছিল আৰু এতিয়াও কাম কৰি আছে বুলি ভয়ংকৰ অভিযোগ কৰে কেএলঅৰ কেডাৰ কমলেশ কোচে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৈছিল জীৱন সিংহ কোচ ৰ’ৰ এজেণ্ট কথাটো একদম সচাঁ বুলি কয় কেএলঅৰ কেডাৰ কমলেশ কোচে।

Exit mobile version