China Fire : চীনৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড ! অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৯ জনৰ

images

China Fire :

চীনৰ চিকিৎসালয়ত ভয়াবহ অগ্নিকাণ্ড । দুৰ্ঘটনাটোত কমেও ২৯ জন লোকৰ মৃত্যু হৈছে । চিকিৎসালয়খনৰ পৰা ৭১ জন ৰোগীক অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে ।

আধা ঘণ্টাৰ পাছত জুই নিয়ন্ত্ৰণলৈ অনা হয়, যদিও বেইজিঙৰ সেই চিকিৎসালয়ত দুঘণ্টা ধৰি উদ্ধাৰ অভিযান অব্যাহত থাকে।

দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা পোৱা গৈছে যে বহুতো লোক খিৰিকীৰ পৰা ওলাই আহিছে আৰু একাংশই জুইৰ তাপত জঁপিয়াই আছে ।

ভয়াৱহ এই ভিডিঅ’টো দেখি গাৰ নোম শিঞৰি উঠিব আপোনাৰ । চাংফেং চিকিৎসালয়খন পশ্চিম বেইজিংৰ নগৰ অঞ্চলৰ তিয়েনানমেন স্কোৱেৰত অৱস্থিত। জুই লগাৰ পাছত তৎক্ষণাৎ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হয়।

অৱশ্যে, অতি সোনকালেই জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নিকাণ্ডটো কেনেকৈ হ’ল সেইটো এতিয়াও জানিব পৰা হোৱা নাই। যাৰ বাবে এই অগ্নিকাণ্ডটো সংঘটিত হৈছে সেইসকলকচিনাক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।

Exit mobile version