Ganga ram deka passed away : কলাইগাৱৰ গনকপাৰাত মহাপুৰুষীয়া বৈষ্ণব সমাজৰ মহন্ত গংগাৰাম ডেকাৰ দেহাৱসান

WhatsApp Image 2023 04 19 at 5.21.20 PM

Ganga ram deka passed away :

কলাইগাৱৰ সমীপৱৰ্তী গনকপাৰা নিবাসী মহাপুৰুষীয়া বৈষ্ণব সমাজৰ মহন্ত , গুৰুজনাৰ একনিষ্ঠ সেৱক , ভোলাবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গংগাৰাম ডেকা (৮৪)ৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰে ।

বাৰ্ধক্য জনিত কাৰণত নিজা বাসভৱনত যোৱা নিশা মৃত্যু হোৱা গংগাৰাম ডেকা শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি , কলাইগাও মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক , গনকপাৰা সত্ৰৰ প্ৰতিষ্ঠাপক, গুৱাহাটিৰ খাৰঘুলি সত্ৰৰ প্ৰতিষ্ঠাপক, কলাইগাও ভাগৱত মন্দিৰ আদিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ স’তে অতি অত্মিক ভাবে জৰিত আছিল ।

বৈষ্ণব সমাজৰ মহন্ত গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত আজি পুৱা অনেক গুনমুগ্ধ আৰু দল সংগঠনৰ প্ৰতিনিধিয়ে অন্তিম শ্ৰদ্ধাঞ্জলী জনাবৰ বাবে তেখেতৰ বাসগৃহত ভিৰ কৰে।

জনহিতৈশি , আধ্যাত্মিক গুৰু, শিক্ষা সংস্কাৰক ডেকাৰ মৃত্যুত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা, ভোলাবাৰী হাইস্কুল , কলাইগাও মহাবিদ্যালয় , কলাইগাও ভাগৱত মন্দিৰ, কলাইগাও প্ৰেছক্লাৱ, মহাপুৰুষীয়া বৈষ্ণব সমাজৰ শাখা সমিতি সমুহৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে তেখেতৰ বাসগৃহত উপস্হিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

মৃত্যুৰ সময়ত গংগাৰাম ডেকাই পত্নীৰ লগতে অনেক নিকত আত্মিয়ক এৰি থৈ যায় ।

Exit mobile version