Gujarat Bilkis Bano Case : দলবদ্ধ ধর্ষণ-হত্যাৰ ১১ অপৰাধীক শাস্তি ৰেহাই দি কাৰামুক্ত কৰাৰ ফাইল দেখুৱাবলৈ ইচ্ছুক নহয় কেন্দ্ৰ আৰু গুজৰাট চৰকাৰ ন্যায়ালয়ৰ শংকা!

62e6cd27 b381 45d6 8c4a dcc2773e1883

Gujarat Bilkis Bano Case :

গুজৰাটৰ চাঞ্চল্যকৰ বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণৰ ১১ জন জঘন্য অপৰাধীৰ শাস্তি লাঘবৰ বিতৰ্কিত বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত। গুজৰাট চৰকাৰে ১১ জন দোষীক আগতীয়াকৈ কাৰামুক্ত কৰা পদক্ষেপৰ প্ৰত্যাহ্বান জনাই বিগত বৰ্ষৰ নৱেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল বিলকিছ।

যোৱা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দোষীৰ শাস্তি লাঘবৰ যাৱতীয় ফাইল দাখিল কৰিবলৈ নির্দেশ দিছিল কেন্দ্রীয় চৰকাৰ আৰু গুজৰাটচৰকাৰক। ন্যায়াধীশ কে এম যোছেফ আৰু বি ভি নাগৰত্নৰ বিচাৰপীঠে কাৰাৰুদ্ধ অৱস্থাত ১১জন দোষীক ৰেহাই দিয়াক লৈ প্ৰশ্ন কৰিছিল আৰু কৈছিল যে ৰাজ্য চৰকাৰে অপৰাধৰ ভয়াৱহতা বিবেচনা কৰিব পাৰিলেহেঁতেন।

সম্প্রতি ফাইল বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু গুজৰাট চৰকাৰ। বিশেষাধিকাৰৰ উদাহৰণ দাঙি ধৰি চৰকাৰে ইংগিত দিয়ে যে এই সম্পৰ্কীয় নথিপত্র দাখিল কৰিব নিবিচাৰে।

বিলকিছ বানোৱে তেওঁৰ আবেদনত কয় যে ৰাজ্য চৰকাৰে ১১জন দোষীক শাস্তি ৰেহাই দিয়া কাৰ্যই সমাজৰ বিবেকক জোকাৰি গৈছে। ২০০২ৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত বিলকিছৰ তিনি বছৰীয়া কন্যাসহ পৰিয়ালৰ সাত সদস্যক হত্যা কৰা হৈছিল। উল্লেখ্য যে আদালতে দোষীক ৰেহাই দিয়া সন্দৰ্ভত প্ৰশ্ন কৰি কয়, ‘এগৰাকী গৰ্ভৱতী মহিলাক দলবদ্ধ ধর্ষণ কৰা হৈছিল আৰু কে’বাজনো লোকক হত্যা কৰা হৈছিল।

আপোনালোকে ভুক্তভোগীৰ গোচৰক ভাৰতীয় দণ্ড বিধিৰ হত্যাৰ ঘটনাৰ ধাৰা ৩০২ৰ স’তে তুলনা কৰিব নোৱাৰে। যিদৰে আপোনালোকে কমলাৰ স’তে আপেলৰ তুলনা কৰিব নোৱাৰে, একেদৰে গণহত্যাৰ ঘটনাক এটা হত্যাকাণ্ডৰ স’তে তুলনা কৰিব নোৱাৰি। অপৰাধ সাধাৰণতে সমাজ আৰু সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘটিত হয়।

অসমতাক সমতাৰ স’তে তুলনা কৰিব নোৱাৰি। তদুপৰি উচ্চতম ন্যায়ালয়ে কয়, ‘প্রশ্নটো হৈছে চৰকাৰে মগজুৰ প্ৰয়োগ কৰিছে নে নাই আৰু কিহৰ ভিত্তিত ৰেহাই সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।’ পুনৰ সৰ্বোচ্চ ন্যায়ালয়ে কয়, ‘আজি এয়া বিলকিছ, কিন্তু কাইলৈ যিকোনো এজন হ’ব পাৰে। সেয়া আপুনি অথবা ম‍ই হ’ব পাৰো।

ৰেহাই দিয়াৰ কাৰণ যদি প্ৰদৰ্শন নকৰে তেন্তে আমি নিজস্ব সিদ্ধান্ত গ্ৰহণ কৰিম।’ অহা দুই মে’ত উচ্চতম ন্যায়ালয়ে এই ৰেহাইৰ সিদ্ধান্ত প্রত্যাহ্বান জনোৱা কে’বাটাও গোচৰৰ একেলগে শুনানি গ্রহণ কৰিব। তদুপৰি ন্যায়ালয়ে প্রতিজন দোষীকে উত্তৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা ২৭ মাৰ্চত উচ্চতম ন্যায়ালয়ে বিলকিছ বানো আৰু দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ সদস্যসকলৰ ঘটনাক নৃশংস ঘটনা বুলি আখ্যা দিছিল আৰু গুজৰাট চৰকাৰক প্ৰশ্ন কৰিছিল যে অন্যান্য হত্যাৰ গোচৰসমূহৰ দৰে ১১ জন দোষীক ৰেহাই দিয়াৰ ক্ষেত্ৰত সমমান প্রয়োগ কৰা হৈছে নে নাই। দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ সময়ত বিলকিছৰ বয়স আছিল ২১ বছৰ আৰু তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল।

Exit mobile version