Lakhimpur Boshagaon:
অসমৰ কামৰূপ জিলাৰ শুৱালকুছিৰ পিছতে দ্বিতীয় বৃহত্তম জন বসতিপূৰ্ণ গাঁও হিচাপে চিহ্নিত হৈছে লখিমপুৰৰ বছা গাঁও। লখিমপুৰ চহৰৰ পৰা বাৰ মাইল নিলগত অৱস্থিত প্ৰায় দুহেজাৰ পৰিয়ালৰ বসতিস্থল গাঁওখনৰ আছে নিজস্ব বৈশিষ্ট্য আৰু শান্তি- সম্প্ৰীতিৰে বসবাস কৰা সুন্দৰ নিদৰ্শন।
মানৰ আক্ৰমণত প্ৰতিষ্ঠা লাভ কৰা গাঁওখনৰ প্ৰধান বৈশিষ্ট্য হ’ল গাঁওখনৰ সকলো পৰিয়াল কৈৱৰ্ত সম্প্ৰদায়ৰ । জনশ্ৰুতি মতে, অসমত মানৰ আক্ৰমণত মুষ্টিমেয় কেইঘৰমান মানুহ নিৰাপদে বাছি গৈছিল। আৰু বাছি যোৱা মানুহখিনিয়ে উক্ত স্থানত বসবাস কৰিবলৈ লোৱাত কালক্ৰমত ঠাইখিনি বছা গাঁও নামে জনাজাত হৈ পৰে।
জানিব পৰা মতে মানে পানী খোৱা এটা পুখুৰী গৰুকটা পুখুৰী হিচাপে আজিও গাঁওখনত বিৰাজমান হৈ আছে। জনশ্ৰুতি ভিত্তিত স্থানীয় লোকে সদৰী কৰা মতে মানৰ অমানুষিক অত্যাচাৰৰ পৰা নিজক বছাবৰ বাবে এই পুখুৰী পাৰতে কিছু লোকে গৰু, ম’হ কাটি মান সকলক গোৱাইছিল বাবে পৰৱৰ্তী সময়ত গৰু কটা পুখুৰী ৰূপে জনাজাত হৈ পৰে। তদুপৰি যি কেইঘৰ পৰিয়ালে মানক গৰু, ম’হ কাটি গোৱাইছিল তেওঁলোক গৰু কটা ,ম’হ কটা ফৈদ হিচাপে আজিও পৰিচিত।
বৰ্তমান গাঁওখনৰ চাৰিসীমা হ’ল পূৰ্বে দুল কটা গাঁও, দক্ষিণে সোৱণশিৰি নদী, উত্তৰে, পানীগাওঁ আৰু পশ্চিমে খাট পথাৰ। তিনি কিলোমিটাৰৰ দৈৰ্ঘ্যৰ পথৰ দুয়োটা পাৰ তথা অলি-গলিত বসতি স্থাপন কৰা গাঁওখনৰ বৰ্তমানৰ জনসংখ্যা
প্ৰায় সোতৰ ওঠৰশ বুলি জানিব পৰা গৈছে।
বছা গাঁৱত স্থানীয় লোকৰ উপৰি শিৱসাগৰ , যোৰহাট, মাজুলী আৰু ধেমাজি জিলাৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোক আহি অতীজৰে পৰা বসতি কৰিবলৈ লয়। উল্লেখযোগ্য যে অতীজৰে পৰা শান্তি সম্প্ৰীতিৰ এবাৰ দুলেৰে বান্ধি ৰখা বছা গাঁও।