Ankita Dutta Expelled From Congress: ছবছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত

WhatsApp Image 2023 04 22 at 12.52.07 PM

Ankita Dutta Expelled From Congress:

অৱশেষত ছবছৰৰ বাবে কংগ্ৰেছৰ পৰাহ বহিষ্কৃত হ’ল অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত তেওঁক বহিষ্কৃত কৰাৰ জাননী জাৰি কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে ৷ এ আই চি চিৰ সদস্য সচিব তাৰিক আনোৱাৰৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰি কৰা হৈছে ৷

উল্লেখ্য যে, যু্ৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তই নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে অনা লিংগ বৈষম্য আৰু নিৰ্যাতনৰ অভিযোগ ৰাজহুৱা হোৱাৰহ পাছতে এ পি পি চি নেতৃবৰ্গ সোচ্ছাৰ হৈ পৰে নেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

তাৰ পাছতে দত্তলৈ বৃহস্পতিবাৰে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ আনহাতে জাননী পোৱাৰ পাছতে অংকিতা দত্তই উত্তৰৰ পত্ৰ দাখিল কৰে এ পি চিচিত৷ ইতিমধ্যে শুক্ৰবাৰে অংকিতাৰ পত্ৰৰ প্ৰতিলিপি এ আই চিচি লৈ প্ৰেৰণ কৰে এ পি চি চিয়ে ৷

এনে ঘটনাক্ৰমৰ মাজতে শুক্ৰবাৰে এ পি চি চিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকায়স্থই সংবাদ মাধ্যমত অংকিতাক নিলম্বন হোৱা বুলি ঘোষণা কৰে ৷ কমলাক্ষ দে পুৰুকায়স্থ এই ঘোষণাক একেমুখে নাকচ কৰে এ পি চি চিৰ সভাপতি ভূপেন বৰা আৰু মুখ্য মুখপাত্ৰ ববিতা শৰ্মাই ৷

আনকি ভূপেন বৰাই সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰি দিবলৈ বাধ্য হয় যে পুৰুকায়স্থই ঘোষণা কৰা তথ্য কংগ্ৰেছৰ বক্তব্য নহয় ৷ কংগ্ৰেছে এই পৰ্যন্ত নিলম্বনৰ কোনো সিদ্ধান্ত লোৱা নাই ৷ আনহাতে সন্ধিয়ালৈ পুৰুকায়স্থলৈ কাৰণ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে এপি চি চিয়ে ৷

প্ৰদেশ কংগ্ৰেছত অংকিতা দত্তক নিলম্বন কৰা নকৰাক লৈ চৰ্চা চলি থকাৰ মাজতে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ৷

মনকৰিবলগীয়া যে,সৰ্বভাৰতীয় যুৱক কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি শ্ৰীনিৱাসৰ আৰু যুৱ কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সমন্বয়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি বৃহস্পতিবাৰে মহানগৰীৰ দিচপুৰ থানাত অংকিতা দত্তই দাখিল কৰিছিল এজাহাৰ ৷

ইয়াৰ পূৰ্বে যুৱ কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে বুধবাৰে এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ স’তে এক বৈঠকত মিলিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বৰাই এই বিষয়টো দলীয় মঞ্চত আলোচনা কৰাৰ লগতে বিষয়টো ইমানতে অন্ত পেলাবলৈ পৰামৰ্শ দিয়ে ৷

কিন্ত পৰৱৰ্তী সময়ত শ্ৰীনিৱাসৰ বিৰুদ্ধে এজাহাৰ ৰজু কৰাৰ পাচতে ক্ষুন্ন হৈ পৰে ভূপেন বৰা,দেৱব্ৰত শইকীয়া,কমলেক্ষ দে পুৰুকায়স্থ আৰু দ্বীজেন শৰ্মা সহ একাধিক কংগ্ৰেছী জ্যেষ্ঠ নেতাই ।

যাৰ পৰিপ্ৰেক্ষিতত নেত্ৰীগৰাকীলৈ বৃহস্পতিবাৰে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল এ পি চি চিয়ে।

আনপিনে শুক্ৰবাৰে পুনৰ নিজৰ স্থিতিৰ কথা পুনৰ দোহাৰিছিল অংকিতা দত্তই ৷ তেওঁ কয়,মই নিজৰ সন্মানৰ বাবে এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছো ৷ কংগ্ৰেছৰ বিৰুদ্ধে নহয় ৷

দলৰ পৰা বহিস্কৃত কৰা হ’ব নেকি সাংবাদিককে সোধা প্ৰশ্নোত্তৰৰ দত্তৰ স্পষ্ট মত,দলে মোক বৰ্খাস্ত কৰে- নকৰে সেইয়া দলৰ কথা ৷ কিন্ত মই এগৰাকী নাৰী হিচাপে মোৰ মান সন্মানৰ বাবে যুঁজিছো ৷

Exit mobile version