Covid Update : দেশত এদিনতে ৪২ জনৰ প্ৰাণ কাঢ়িলে ক’ৰনাই

WhatsApp Image 2023 04 11 at 4.14.29 PM

Covid Update :

সময় যোৱাৰ লগে লগেই সমগ্ৰ দেশতে নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে ক’ৰনাই। বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ।শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে দিয়া প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১২,১৯৩ জন লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশৰ ১৫৮ খন জিলাত সাপ্তাহিক সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈও অধিক। দেশত সক্ৰিয় ঘটনাও বৃদ্ধি পাইছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭,৫৫৬ লৈ বৃদ্ধি হৈছে।

বিশেষজ্ঞসকলৰ মতে, অ’মিক্ৰনৰ নতুন স্ট্ৰেইন হৈছে নতুন সংক্ৰমণৰ কাৰণ। অৱশ্যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ এতিয়াও তুলনামূলকভাৱে কম।

যোৱা ২৪ ঘণ্টাত, মাৰাত্মক ভাইৰাছৰ ফলত ৪২ জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে কৰ’নাত পাঁচ লাখ ৩১ হেজাৰ ৩০০ জন লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে, সুস্থতাৰ হাৰ হৈছে ৯৮.৬৬ শতাংশ। সংক্ৰমণ নিয়ন্ত্ৰণত ৰাখিবলৈ পৰীক্ষা আৰু টিকাকৰণ সম্পূৰ্ণ ৰূপত চলি আছে। এতিয়ালৈকে, সমগ্ৰ দেশত ২২০.৬০কোটি কৰ’না পালি প্ৰদান কৰা হৈছে।

Exit mobile version