kaliabor Encounter:কলিয়াবৰত নিশা ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ !

kaliabor Encounter:কলিয়াবৰত নিশা ড্ৰাগছ সৰবৰাহকাৰীক এনকাউণ্টাৰ !

WhatsApp Image 2023 04 22 at 1.20.21 PM 1

kaliabar Encounter:

ঈদৰ আনন্দ উছাহৰ মাজতে শুক্ৰবাৰে নিশা ৰাজ্যত পুনৰ সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা । নগাঁও জিলাৰ কলিয়াবৰত যোৱা নিশা হাটবাগনত আৰক্ষীৰ গুলীত গুৰুত্বৰ আহত হয় দুৰ্ধৰ্ষ ড্রাগছ সৰবৰাহকাৰী

বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে নিশা অব্যাহত ৰখা অভিযানৰ মাজতে এন্ধাৰৰ সুযোগ বুজি পলাবলৈ চেষ্টা কৰোতেই সৰবৰাহকাৰীটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে ৷

ফলত গুলীবিদ্ধ হয় ছাদ্দাম হুছেইন নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীটো ৷ ভৰিত আঘাত পোৱা হুছেইনক লগে লগে নিকটৱৰ্তী এখন হাস্পতালত ভৰ্তি কৰে আৰক্ষীয়ে ৷

কিন্ত আঘাত গুৰুত্বৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷
ধৃত সৰবৰাহকাৰীটোৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

Exit mobile version