Kedarnath : চেলফি তুলিবলৈ গৈ হেলিকপ্টাৰৰ ব্লেডে ছিন্নভিন্ন কৰিলে উত্তৰাখণ্ডৰ এজন চৰকাৰী বিষয়াক

1682246759 kedarnath

Kedarnath :

হেলিকপ্টাৰৰ স’তে চেলফি ল’বলৈ ৰটৰৰ কাষলৈ গৈছিল এজন যুৱক । আৰু সেই ৰটেৰেৰে ছিন্নভিন্ন হয় তেওঁৰ শৰীৰ । ঘটনাস্থলিতে মৃত্যু হয় যুৱকজনৰ।ঘটনাটো সংঘটিত হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত । মৃত ব্যক্তিজন অমিত চাইনী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অমিত উত্তৰাখণ্ডৰ অসামৰিক বিমান পৰিবহন বিভাগৰ বিত্তীয় নিয়ন্ত্ৰক আছিল।কেদাৰনাথ ধামৰ হেলিপেডত কপ্টাৰটো অৱতৰণ কৰাৰ পাছত, অমিতে চেলফি সংগ্ৰহ কৰিবলৈ গৈছিল। কপ্টাৰৰ পিছফালৰ উইং (ৰটৰ) তেতিয়াও চলি আছিল।

চেলফি লোৱাৰ প্ৰৱণতাত তেওঁ অনুভৱে কৰা নাছিল যে তেওঁ ৰটৰৰ খুব ওচৰলৈ গৈ আছে । মুহূৰ্ততে সেই ব্লেডেৰে তেওঁৰ মুৰটো শৰীৰৰ পৰা ছিন্নভিন্ন হৈ যায় ।

এই ঘটনাটোৱে পৰ্যটকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।আৰক্ষীৰ সূত্ৰ অনুসৰি, যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল তেতিয়া হেলিকপ্টাৰখনৰ সুৰক্ষা পৰীক্ষাৰ কাম চলি আছিল ।

উল্লেখযোগ্য যে ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব কেদাৰনাথ যাত্ৰা। লগতে শনিবাৰৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা । অৱশ্যে, কেদাৰনাথ আৰু যমুনোত্ৰীত তুষাৰপাতৰ বাবে, তীৰ্থযাত্ৰীসকলৰ যাত্ৰা দেওবাৰে বন্ধ কৰি দিয়া হৈছে।বতৰ বিজ্ঞান বিভাগৰ মতে, অহা কিছুদিনৰ ভিতৰত উত্তৰাখণ্ডত বতৰ সলনি হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version