Mann ki Baat : ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ এশ সংখ্যক মন কি বাত অনুষ্ঠান

ৰাজ্যৰ ২৮ হেজাৰ বুথত সমবেত হ’ব লাখ লাখ কাৰ্য্যকর্তা

34e256de b30d 43a4 a4dc cbacf4e11645

Mann ki Baat :


সমগ্ৰ দেশৰ লগতে অসমতো বুথে বুথে মাননীয় প্রধানমন্ত্ৰীৰ ‘মন-কি-বাত’ কাৰ্য্যক্ৰমৰ ১০০ সংখ্যাক সংস্কৰণ অহা ৩০ এপ্ৰিলৰ দিনা লাখ লাখ কাৰ্য্যকৰ্তাই শ্ৰৱন কৰিব।অসমৰ ২৮ হেজাৰতকৈও অধিক বুথত মন কি বাত কাৰ্য্যক্রম উলহ-মালহেৰে অনুষ্ঠিত কৰাৰ বাবে দলে ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।

এই বিষয়ত পৰ্য্যালোচনা কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বৈঠক দলৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰস্তুতি বৈঠকত দলৰ ৩৯৯টা মণ্ডল সমিতিৰ সভাপতি, মণ্ডল সমিতিৰ মন কি বাত প্রমূখ, ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি দলৰ জিলা প্ৰভাৰী, সহ-প্রভাৰী সকল আৰু ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সম্পাদিকা আশা লাক্ৰা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদকক্ৰমে পুলক গোঁহাই, পল্লৱ লোচন দাস আৰু দিল্লু ৰঞ্জন শৰ্মা, দলৰ ৰাজ্যিক উপসভাপতি তপন কুমাৰ গগৈ, অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গার্লোচাকে ধৰি ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

দলৰ মুখ্য কাৰ্য্যালয়ৰ পৰা সংবাদ প্রতিষ্ঠানলৈ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই প্ৰেৰণ কৰা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে।উল্লেখযোগ্য যে ৩০ এপ্ৰিলৰ দিনা অনুষ্ঠিত হ’ব লগীয়া মন কি বাত অনুষ্ঠানৰ কাৰ্য্যক্ৰমত ৰাজ্যৰ প্ৰতিটো বুথত অতি কমেও ১০০ জনকৈ কাৰ্যকর্তা উপস্থিত থকাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়।

লগতে বুথৰ কাৰ্যক্ৰমত স্থানীয় সমাজসেৱক, অগ্রণী যুৱক-যুৱতী, মহিলা, চৰকাৰী কৰ্মচাৰীকে ধৰি সামাজিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলকো অংশীদাৰ কৰাৰ বিষয়ে আজিৰ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।সভাত উপস্থিত থকা কেন্দ্রীয় নেত্রী লাক্রাই মন কি বাত অনুষ্ঠানটো সমাজৰ সকলো শ্ৰেনীৰ লোকৰ বাবে বুলি উল্লেখ কৰি তেওঁলোকৰ অংশ গ্রহণ নিশ্চিত কৰিবলৈ কাৰ্যকৰ্তাক আহ্বান জনায়।

শ্ৰীমতী লাক্ৰাৰ মতে প্রধানমন্ত্রী দেশৰ প্ৰতিজন নাগৰিকৰ।সেয়েহে তেওঁৰ মন কি বাত কাৰ্য্যক্ৰমো প্ৰতিগৰাকী দেশবাসীৰ বাবে উৎসর্গিত।

উল্লেখযোগ্য যে ‘মন কি বাত’ অনুষ্ঠানৰ জৰিয়তে মাননীয় প্রধানমন্ত্রীয়ে বিভিন্ন সামাজিক বিষয়ত সজাগতা সৃষ্টিৰ বাবে এক বিনম্ৰ প্ৰয়াস কৰি আহিছে।সেয়েহে এই অনুষ্ঠানটো দেশৰ অন্যতম জনপ্রিয় অনাতাৰ অনুষ্ঠান হিচাবে পৰিচিত। দেশৰ উপৰিও বিদেশতো মন কি বাত অনুষ্ঠানৰ ব্যাপক চৰ্চা হয় ।

অনুশাসন আৰু নিষ্ঠাৰে ১০০ সংখ্যক মন কি বাত অনুষ্ঠান শ্ৰৱন কৰাৰ লগতে প্রধামন্ত্ৰীয়ে দিয়া প্ৰতিটো বাৰ্তা জনগণৰ ওচৰলৈ অতি আন্তৰিকতাৰে আগবঢ়াই নিবলৈ প্রস্তুতি বৈঠকত উপস্থিত থকা সহস্রাধিক কাৰ্য্যকৰ্তাক সম্বোধন কৰি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আহ্বান জনায়।

শ্রী কলিতাই নিয়মানুৱৰ্তিতা আৰু অনুশাসনক সৰ্বাধিক গুৰুত্ব দি মন কি বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ কাৰ্য্যকৰ্তাসকলক পৰামৰ্শ আগবঢ়ায়।

Exit mobile version