Rahul Gandhi : কাৰ হাতৰ খাদ্য খাই ভাল পাই ৰাহুল গান্ধীয়ে ?

1682244909 rahul

Rahul Gandhi :

লালু প্ৰসাদ যাদৱে ভাল ৰান্ধে। জনালে সাংসদ পদ খাৰিজ হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । তেওঁৰ মতে, ভগ্নী প্ৰিয়ংকাৰ ৰন্ধন হাতও দুৰ্দান্ত। কিন্তু জানেনে ৰাহুলৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠ ৰান্ধনীৰ নাম কি?

শেহতীয়াকৈ, এজন ফুড ব্লগাৰৰ স’তে বহিছিল ৰাহুল। তাতেই ৰন্ধনৰ বিষয়ে নিজৰ মনৰ কথা জনালে তেওঁ। ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰিলে ৰাহুলে ।

‘খানে মে কিয়া হে’ নামৰ অনুষ্ঠানৰ সম্প্ৰতি অতিথি হৈ আহিছিল ৰাহুল । তাত তেওঁ জনাই যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি ৰ মুৰব্বী লালু প্ৰসাদ যাদৱে খুব ভালদৰে ৰান্ধিব পাৰে।

ভগ্নী প্ৰিয়ংকাৰ ৰন্ধন হাতৰ প্ৰশংসাও কৰিলে তেঁও । তেওঁ কয়,”কিন্তু সকলোতকৈ ভাল,” এজনেই । সেয়া হৈছে মোৰ মা। মোৰ মা সৰ্বকালৰ শ্ৰেষ্ঠ ৰান্ধনী। ছোনিয়া গান্ধী হৈছে নম্বৰ ওৱান !”

ৰাহুলে জনাইছে ,তেওঁ ছোনিয়াক শ্ৰেষ্ঠ ৰান্ধনীৰ উপাধি প্ৰদান কৰিলেওঁ সেই ৰন্ধা বৰ বেছি ভাল নাপায় ভগ্নী প্ৰিয়ংকাই । ৰাহুলৰ তালিকাত ছোনিয়া গান্ধীৰ পাছতেই ভগ্নী প্ৰিয়ংকা ভদ্ৰা গান্ধীৰ নাম আছে।

কেৱল আনে বনোৱা খাদ্যই নহয়, দিনটোৰ ভিতৰত কোন সময়ত কিমান পৰিমাণৰ খাদ্য খাই সেই সকলোবোৰ জনাই ৰাহুলে ।

ৰাহুলে জনাইছে যে পুৱা শুই উঠি তেওঁ কফি খোৱাটো পছন্দ কৰে । কিন্তু দিনৰ অন্য সময় বা ৰাতি চাহে তেওঁৰ প্ৰথম পছন্দ। মিঠা খাইও ভালপাই বুলিও জনালে ৰাহুলে।

অৱশ্যে, সেই ক্ষেত্ৰতো কিছুমান বাছবিচাৰ আছে বুলি মুখ খুলিলে ৰাহুলে। উদাহৰণ স্বৰূপে, ফৰাচী মিঠাইতকৈ ভাৰতীয় মিঠাইয়ে তেওঁক অধিক আকৰ্ষণ কৰে।

অৱশ্যে, যদি মিঠা আৰু নিমখীয়া খাদ্যৰ মাজত বাছনি কৰিবলৈ কোৱা হয়, ৰাহুলৰ ভোট নিমখীয়া খাদ্যৰ প্লেটত থাকিব।

Exit mobile version