Appointment With Fake Documents In Health Department : স্বাস্থ্য বিভাগত ভুৱা নথিৰে নিযুক্তি !

ফাৰ্মাচিষ্টৰ পৰা চতুৰ্থবৰ্গলৈ কেবাশ প্রার্থী অবৈধভাৱে কৰ্মৰত

28ee916b 774e 448d 8860 601af5cce671

Appointment With Fake Documents In Health Department :

ভুৱা নথি আৰু অবৈধ প্ৰক্ৰিয়াৰে চাকৰি লোৱা শ শ লোকেৰে ভৰি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ৷ ফাৰ্মাচিষ্টৰ পৰা আৰম্ভ কৰি লেবৰেটৰী টেকনিচিয়ান, নিম্ন বৰ্গৰ সহায়ক, এমপিডব্লিউ, আইডিইউ টেকনিচিয়ান, স্বাস্থ্য সহায়ক, কনিষ্ঠ সহায়ক, ধাই আদিৰ পদত বহু লোকে অবৈধভাৱে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ভাৰত চৰকাৰৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্রণালয়ে সন্দেহজনক এনে চাকৰিয়ালৰ নথি পুনৰীক্ষণৰ নিৰ্দেশ দিয়াৰ পাছতে সম্প্ৰতি ৰাজ্যৰ কমেও পাঁচখন জিলাত হাহাকাৰ লাগিছে।

উল্লেখ্য যে শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজি আৰু নগাঁৱৰ স্বাস্থ্য খণ্ডত সম্প্ৰতি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি কৰি থকা বহুতেই অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰাৰ তথ্য পোহৰলৈ আনিছিল আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সংগঠনে।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগঠনটোৱে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই বিয়াগোম কেলেংকাৰি পোহৰলৈ অনাৰ পাছত সমগ্ৰ তথা ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ৰ ওচৰত দাখিল কৰিছিল। ইয়াৰ পাছতে স্বাস্থ্য মন্ত্রণালয়ে যোৱা ২০ ফেব্ৰুৱাৰীত জেড- ১৮০১৫ / ১০ / ২০১৬- এনএইছএম তিনি নম্বৰৰ এখন পত্ৰৰ জৰিয়তে উল্লিখিত পাঁচ জিলাৰ তৃতীয়আৰু চতুৰ্থ বৰ্গৰ পদত কৰ্মৰত কৰ্মচাৰীসকলৰ নথি পুনৰীক্ষণ কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মিছন সঞ্চালক ডাঃ এমএছ লক্ষ্মীপ্রিয়াক নিৰ্দেশ প্রদান কৰিছিল।

ইয়াৰ পাছতে স্বাস্থ্য সেৱা সঞ্চালকালয়ে সংশ্লিষ্ট পাঁচ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক নথি পুনৰীক্ষণৰ দায়িত্ব অর্পণ কৰিছিল। শেহতীয়াকৈ শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কার্যালয়ে জিলাখনত কৰ্মৰত ২১৩ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নথি পৰীক্ষা কৰি স্বাস্থ্য সেৱা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছে আৰু বাকী চাৰি জিলাৰ নথি পুনৰীক্ষণ অব্যাহত থকাৰ কথা স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰিছে।

এই সন্দৰ্ভত আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শ‍ইকীয়াই সদৰী কৰা অনুসৰি, শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত তথা সন্দেহজনক ২১৩ জন কৰ্মচাৰীৰ নথি পুনৰীক্ষণৰ কৰি সংশ্লিষ্ট পক্ষই স্বাস্থ্য সেৱা সঞ্চালকালয়লৈ প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে চৰাইদেউতো প্রায় ৯৯ জন, লখিমপুৰ আৰু ধেমাজিত প্রায় ১৫০ জন আৰু নগাঁৱতো প্রায় ১৫০ জন কৰ্মচাৰীয়ে অবৈধভাৱে নিযুক্তি লাভ কৰিছিল আৰু এইসকলৰ নথি পুনৰীক্ষণৰ কাম অব্যাহত আছে বুলি তেওঁ কয়।

উল্লেখ্য যে বিগত চৰকাৰৰ কাৰ্যকালত সাক্ষাৎকাৰ অবিহনেই স্বাস্থ্য বিভাগত বৃহৎ সংখ্যক লোকে নিযুক্তি লাভ কৰিছিল। ইয়াৰ উপৰি ভুৱা বদলিকৰণ পত্ৰ দেখুৱায়ো বহুতে স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। অগপ চৰকাৰৰ দিনতো একাংশই ভুৱা নথিৰে চাকৰি পোৱাৰ অভিযোগ আছে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে কিছু সংখ্যকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছিল যদিও বহুজন তদন্তৰ আওতাৰ পৰা বাদ পৰি গৈছিল আৰু অনায়াসে চাকৰি কৰি আহিছিল।

ফলত আইটিআই তথ্যৰ আধাৰত আমগুৰি নৱনিৰ্মাণ সমিতিয়ে তথ্যসহ এই নিযুক্তি কেলেংকাৰি পোহৰলৈ অনাৰ পাছত আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশত পাঁচ জিলাৰ নথি পুনৰীক্ষণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠাত কেবাশ কৰ্মচাৰী চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো প্ৰায় নিশ্চিত হৈ উঠিছে৷

স্মতৰ্ৱ্য যে এই পাঁচ জিলাত কিমান ভুৱা কৰ্মচাৰী পোহৰলৈ আহিছে তাৰ তথ্য সংশ্লিষ্ট পক্ষই সদৰী কৰা নাই যদিও ভুৱা নথি আৰু অবৈধ প্ৰক্ৰিয়াৰে যে বহুতে নিযুক্তি লাভ কৰিছিল নথি পুনৰীক্ষণত পোহৰলৈ আহিছে বুলি সদৰী কৰিছে। ইয়াৰ লগতে সংশ্লিষ্ট পাঁচ জিলাৰ স্বাস্থ্য বিভাগত কৰ্মৰত একাংশ কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে।

Exit mobile version