Bhawanipur : পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰত তিৰোভাৱ আৰু আবিৰ্ভাৱ তিথি

f2be0be6 f577 4517 91e4 fe232e089b9b

Bhawanipur :

পুৰণ ভৱানীপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী গোপালদেৱ আতাৰ ৪১২ সংখ্যক তিৰোভাৱ তিথি আৰু ৪৮২ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ।

আজি পুৱাৰ ভাগত শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ শৰণ সদস্য-সদস্যাৰ দ্বাৰা পৰিবেশ নিকাকৰণ কৰাৰ পাছতে পুৱা আঠ বজাৰ পৰা ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি অপূৰ্ব কলিতাৰ পৰিচালনাত সত্ৰৰ মজিয়াত নিত্য প্ৰসংগ কৰা হয়।

ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে আৰু চন্দন গছৰ পুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা নিকুঞ্জ কুমাৰ দাসে।

দিনৰ এঘাৰ বজাত পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ নিকটৱৰ্তী স্থানত পূৰ্বৰ বাঢ়ৈমাৰা জানৰ পাৰত স্থাপিত তথা একালত প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিশ্চিহ্ন হোৱা শ্ৰীশ্ৰী গোপালদেৱ আতাৰ জীয়ৰী আই পদ্মপ্ৰিয়াই স্থাপন কৰা একমাত্ৰ তথা প্ৰথম মহিলা সত্ৰখনৰ ‘আই পদ্মপ্ৰিয়া সত্ৰ’ নামাকৰনেৰে নতুনকৈ খুঁটা পুতি স্থাপন কৰা হয়।

‘আই পদ্মপ্ৰিয়া সত্ৰ’ৰ খুঁটা স্থাপন কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে। ‘আই পদ্মপ্ৰিয়া সত্ৰ’ৰ খুঁটা স্থাপন কাৰ্যসূচীত অৱসৰী অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড° অমিয়া মহন্ত, প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, বিজেপি নেতা নাগেশ কুমাৰ বৈশ্য, কুমাৰ কৃষ্ণ ডেকাৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

দিনৰ বাৰ বজাৰ পৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক মহিলাৰ দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে নাট্যশিল্পী তথা সাংস্কৃতিক কৰ্মী লাবন্য ডেকাই।

দিহানাম প্ৰতিযোগিতাত ভাৰেগাঁৱৰ সমন্বয় নামতী দলৰ চিনুমণি তালুকদাৰ আৰু সংগীবৃন্দই প্ৰথম স্থান, ভৱানীপুৰৰ মাহতলীহাটীৰ গোপাল আতা নামতী দলৰ লুকুমণি দাস আৰু সংগীবৃন্দই দ্বিতীয় স্থান আৰু গাতিৰ জুমি দাসৰ নামতী দলে তৃতীয় স্থান লাভ কৰে।

সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে অসমৰ প্ৰথম মহিলা কবি তথা শ্ৰীশ্ৰী গোপালদেৱ আতাৰ জীয়ৰী আই পদ্মপ্ৰিয়াৰ স্মৃতিত কাব্য অনুষ্ঠিত হয়। পৰৱৰ্তী দুটা দিনতো বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়িত হ’ব।

Exit mobile version