Bhawanipur : ভৱানীপুৰৰ কুৰোবাহা সত্ৰত সদৌ অসম সত্ৰ মহাসভাৰ সভা সম্পন্ন

f80bb791 9779 483e adc3 b672d8de6b35

Bhawanipur :

ভৱানীপুৰৰ নিকটৱৰ্তী কুৰোবাহা সত্ৰত আজি অনুষ্ঠিত হয় সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এখন বিশেষ সাধাৰণ সভা।

কলবাৰী শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰশান্ত তালুকদাৰক সভাপতি, বিপুল পাটগিৰি আৰু পৰেশ দাসক উপ সভাপতি, মৃণাল কলিতাক সম্পাদক,প্ৰাণেশ্বৰ দাসক সহকাৰী সম্পাদক, বিশ্বজিৎ গা্গুলীক প্ৰচাৰ সম্পাদকৰূপে লৈ ৩১ জনীয়াকৈ সদৌ বজালী জিলা সত্ৰ মহাসভাৰ নতুনকৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

উল্লেখ্য যে সভাত সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থৰ বজালী জিলা সমিতিখনৰ তদন্ত সমিতিখনো গঠন কৰা হয়।

আৰম্ভণিতে মৃণাল কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাত সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি হৰিদেৱ গোস্বামী আৰু প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে প্ৰদান কৰা ভাষণত অসম সত্ৰ মহাসভাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰে।

প্ৰান্তিক গোস্বামীয়ে তেওঁৰ ভাষণত অসম সত্ৰ মহাসভাৰ নতুনকৈ গঠিত কেন্দ্ৰীয় সমিতিখন অগণতান্ত্ৰিকভাৱে গঠন হোৱাৰ বাবেই সদৌ অসম সত্ৰ মহাসভা গঠন হোৱা বুলি তেওঁৰ ভাষণত মুকলি অভিযোগ কৰে।

সভাপতি হৰিদেৱ গোস্বামীয়ে তেওঁৰ ভাষণত আসমৰ সত্ৰ সমূহক অধিক সুৰক্ষিত কৰাৰ স্বাৰ্থতেই সদৌ অসম সত্ৰ মহাসভা গঠন হোৱা বুলি কয়।

সভাত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰামচন্দ্ৰ গোস্বামী, সম্পাদক হিৰণ্য গোস্বামী, আই কনকলতা মহিলা তীৰ্থৰ জয়শ্ৰী গোস্বামীয়েও উপস্থিত থাকে।

Exit mobile version