Covid Update :
ভাৰতত (India) হুৰ হুৰাই বৃদ্ধি পাইছে ক’ৰনা সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা এসপ্তাহত নতুনকৈ প্ৰায় ৭৫ হেজাৰলোক ক’ৰনাত আক্ৰান্ত হৈছে।একে সময়তে, ক’ভিডৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধিও পাইছে।
ADVERTISEMENT
অৱশ্যে, যোৱা ২৪ ঘণ্টাত, ক’ৰনা সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে। আজি সাত হেজাৰো অধিক লোক ক’ৰনাত আক্ৰান্ত হৈছে।
বৰ্তমান, দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ৬৫,৬৮৩ জন। পজিটিভ হাৰও অলপ হ্ৰাস পাইছে। অৱশ্যে, যোৱা সপ্তাহৰ পৰিসংখ্যা উদ্বেগজনক।
আঠ মাহত প্ৰথমবাৰৰ বাবে, ক’ভিড-১৯ ৰোগীৰ সংখ্যা এসপ্তাহত ৭৫,০০০ ৰ সীমাত উপনীত হৈছে।আনহাতে, সমগ্ৰ বিশ্বতে ক’ৰনা সংক্ৰমণ বৃদ্ধি পাইছে। তথ্য অনুসৰি ক’ভিডত আক্ৰান্ত হৈছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ ।