Education Minister Dr. Ronuj Pegu : শিক্ষামন্ত্ৰীৰ দ্বাৰা মুকলি শিক্ষা সেতু অসম প’ৰ্টেল

মঙলবাৰে ঘোষণা কৰা হ'ব গুণোত্‍সৱৰ ফলাফল : শিক্ষামন্ত্ৰী পেগু

b70edc80 3913 43a1 91ae d6f52172296f

Education Minister Dr. Ronuj Pegu :


সমগ্ৰ শিক্ষা অভিযানৰ মহানগৰীৰ কাহিলীপাৰাস্থ কাৰ্যালয়ত আজি মুকলি কৰা হয় শিক্ষা সেতু অসম প’ৰ্টেল ৷ প’ৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰী ডাঃপেগুৱে এই সন্দৰ্ভত কয়, আজি মুকলি কৰা এই প’ৰ্টেলত ৰাজ্যৰ বিদ্যালয়, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ তথ্য মজুত থাকিব ৷

আনহাতে বিদ্যালয় সমূহৰ প্ৰফাইল উন্নীতকৰণ সপ্তাহৰ বাবে ২৪ৰ পৰা ৩০ এপ্ৰিললৈ এই প’ৰ্টেলৰ জৰিয়তে পালন কৰা হ’ব প্ৰফাইল উন্নীতকৰণ সপ্তাহ ৷

আনহাতে মন্ত্ৰী গৰাকীয়ে আৰু কয়, শিক্ষা সেতুৰ কাম-কাজ নতুন শিক্ষাবৰ্ষৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ৷ আজিৰ দিনটোৰ পৰা আৰম্ভ হোৱা প্ৰফাইল উন্নীতকৰণ সপ্তাহৰ লগত ৰজিতা খুৱাই বিদ্যালয় সমূহৰ সকলো তথ্য ইয়াত মজুত ৰখা হৈছে ৷

এনে প্ৰেক্ষাপটত এই কামসমূহ নিয়াৰিকৈ সম্পাদন কৰিবৰ বাবে প্ৰতিখন বিদ্যালয়ক একোটাকৈ টেবলেট দিয়া হৈছে৷আনহাতে বেছি সংখ্যক শিক্ষাৰ্থী থকা বিদ্যালয়ক দুটাকৈ টেবলেট দিয়া হৈছে বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷শিক্ষামন্ত্ৰী ডা:পেগুৱে সাংবাদিকক জানিব দিয়ে যে,মঙলবাৰে দিনৰ এঘাৰ বজাত গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হ’ব ৷

Exit mobile version