Kokrajhar Firing : কোকৰাঝাৰত কেএল অ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

আৰক্ষীৰ গুলীত নিহত দুজন

07 01 2023 firing

Kokrajhar Firing :

কোকৰাঝাৰত কেএলঅ’ আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ৷ সোমবাৰে দুপৰীয়া সংঘটিত আৰক্ষীৰ গুলীচালনান থিতাতে নিহত হয় দুজন কেএলঅ’ কেডাৰ । আনহাতে পলায়ন কৰিবলৈ সক্ষম হয় আন চাৰিজন কে এল অ কেডাৰ ৷ অৱশ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এজন কেডাৰত ৷নিহত কে এল অ ‘সদস্য দুজনৰ নাম বঙাইগাঁওৰ নিপুন ৰয় আৰু ৰৌতাৰ অভিজিৎ ডেকা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

প্ৰাপ্ত খবৰ অনুসৰি , কোকৰাঝাৰৰ চক্রশিলা পাহাৰত কেএল অ’ এটা শিৱিৰত দুৰ্ধৰ্ষ কেডাৰ বাহৰ পাতি থকাৰ সম্ভেদ পাই আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ৷

আৰক্ষীৰ উপস্থিতি দেখি কে এল অ,কেডাৰ কেইজনে আৰক্ষী দেখি গুলীচালনা কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত দুজন কে এল অ সদস্য ধৰাসায়ী হয় ৷

উল্লেখ্য যে দেওবাৰে স্থানীয় লোকে কৰায়ত্ত কৰিছিল এজন দুৰ্ধৰ্ষ কে গল অ সদস্যক ৷এই সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে চক্রশিলা পাহাৰত আজি পুৱাতে চলাইছিল অভিযান ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version