Morel Policing In Barpeta Road:বৰপেটাৰোডত ম’ৰেল পুলিচিঙ’ৰ ঘটনা

ৰাজপথতে একাংশ লোকৰ বাঁহ, লাঠীৰে প্ৰহাৰ দুই যুৱতীক,অনৈতিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্থিতি লবলৈ গৈ একাংশ লোকে হাতত তুলি ল'লে আইন

WhatsApp Image 2023 04 24 at 12.28.03 PM

Morel Policing In Barpeta Road :

অনৈতিক কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্থিতি লবলৈ গৈ একাংশলোকে হাতত তুলি ল’লে আইন ৷ বৰপেটাৰোডৰ এখন ধাবাত সংঘটিত হৈছে ম’ৰেল পুলিচিঙৰ ঘটনা।

বৰপেটা পথৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নদীৰ দলঙৰ সমীপত এদল লোকে বাঁহ, লাঠীৰে প্ৰহাৰ কৰে দুগৰাকী যুৱতীক । দেওবাৰে বিয়লি এই জঘন্য ঘটনা সংঘটিত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি এখন ধাবাত অনৈতিক কাৰ্য সংঘটিত হোৱাৰ সম্ভেদ পাই একাংশ ৰাইজে উত্তেজিত হৈ ধাবাহখনত উপস্থিত হৈ কোনো কথাৰ অৱতাৰণা নকৰাকৈ ধাবা খনৰ পৰা দুগৰাকী যুৱতীক ৰাজপথলৈ উলিয়াই আনি ৰাজপথতে বাঁহেৰে মৰিওৱাৰ উপৰিও ভৰি, হাতেৰে অতি নিৰ্মমভাৱে অকথ্য নিৰ্যাতন চলায় ৷

অৱশ্যে যুৱতী ওপৰত চলি থকা ম’ৰেল পুলিচিঙ’ৰ বিৰুদ্ধে কেইজন যুৱকে অতি তৎপৰতাৰে যুৱতী কেইগৰাকীক ৰক্ষা কৰে ৷ আনহাতে উত্তেজিত ৰাইজৰ একাংশই ধাবাখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধাবাত সেইসময়ত বহি বহু কেইগৰাকী থকা এজন গ্ৰাহককো প্ৰহাৰ কৰে ৷

 কিছু সময়ৰ পাছতে আৰক্ষী উপস্থিত হৈ যুৱতী কেইগৰাকী থানালৈ লৈ যায় ৷ আনহাতে ম’ৰেল পুলিচিঙৰ জৰিয়তে আইন হাতত তুলি লোৱা লোক সকলৰ ওপৰত বিহিত ব্যৱস্থাৰ দাবী কৰিছে সচেতন মহলে ৷

Exit mobile version