পাকিস্তানৰ টেলিকম বিভাগে দাবী কৰা অনুসৰি, ভিডিঅ’ শ্বেয়াৰিং এপ ‘ টিকটক’ৰ ভিডিঅ’সমূহ অনৈতিক আৰু অশ্লীল।
ADVERTISEMENT
সেয়েহে চীনৰ এই এপটো পাকিস্তানত নিষিদ্ধ ঘােষিত হ’ল। এক বিবৃতিত দেশখনৰ টেলিকম বিভাগে কয় যে “টিকটক’-এ পাকিস্তানৰ আদালতৰ নিয়ম পালন কৰা নাই আৰু এই এপত প্ৰায়ে অশ্লীল বিষয়বস্তু প্রচাৰ কৰি অহা হৈছে।
সেয়েহে ইমৰান খানৰ শাসনত চতুর্থবাৰলৈ পাকিস্তানত নিষিদ্ধ ঘােষিত হ’ল চীনা এপ টিকটক’।
২০২০ত পাকিস্তানত প্ৰথমবাৰৰ বাবে টিকটক বন্ধ কৰা হৈছিল যদিও পাছত কূটনৈতিক হেঁচাত এই নিষেধাজ্ঞা দেশখনে প্রত্যাহাৰ কৰিছিল।




































