Sivasagar : শিৱসাগৰ জিলাৰ বিধায়কসকলৰ স’তে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত

5f02013c 9b3d 4d63 8b00 e47935b4290e 1

Sivasagar :

ৰংঘৰৰ প্ৰকল্পৰ দৰে তলাতল ঘৰ প্ৰকল্পও হ’ব । বৃহৎ প্ৰকল্প হ’ব বুলি বৈঠকত ঘোষণা। উল্লেখযোগ্য যে ১২৪ কোটি টকাৰে ৰংঘৰ প্ৰকল্প লোৱা হৈছে আৰু প্ৰায় ৩৩ কোটি টকা মাটি অধিগ্ৰহণত ব্যয় হৈছে।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মানি লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা— শিৱসাগৰত এটা বিমান বন্দৰ নিৰ্মাণ হ’ব । কেন্দ্ৰলৈ পঠিয়াব প্ৰস্তাৱ। মাটি চাবলৈ মুখ্যমন্ত্ৰীৰ ডিচিক নিৰ্দেশ।

ৰংঘৰ-তলাতল ঘৰৰ মাজত নতুন পথ হ’ব , হেৰিটেজ ৱাক হ’ব গ্ৰীন ক’ৰিড’ৰ হ’ব অথবা ৰ’পৱে হ’ব। ৰংঘৰৰ সন্মুখৰ পথটো বহল হ’ব। তদুপৰি মুখ্যমন্ত্ৰীক ঐতিহাসিক শিৱসাগৰৰ পথবোৰ বহলকৰণৰ আৰু নলা-নৰ্দমা নিৰ্মাণৰ প্ৰস্তাৱ দিলে বিধায়ক অখিল গগৈয়ে।

ৰংঘৰত হ’ব লাইট এণ্ড চাউণ্ড শ্ব’। তদুপৰি দিনটোৰ ২৪ ঘণ্টাই প্ৰদৰ্শিত হ’ব আন্তৰাষ্ট্ৰীয় মানৰ অসম বুৰণ্জী সম্পৰ্কীয় ডকুমেণ্টৰী। তাৰবাবে ৰংঘৰ প্ৰকল্পত বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি অতিৰিক্তভাৱে স্থাপন হ’ব অত্যাধুনিক প্ৰেক্ষাগৃহ।

ৰংঘৰ প্ৰকল্পৰ ৩০০০জন দৰ্শক বহিব পৰা মূল এম্পিথিয়েটাৰটো থাকিবই; কিন্তু বিধায়ক গগৈৰ প্ৰস্তাৱ অনুসৰি অত্যাধুনিক ৰঙ্গমণ্চ এখন স্থাপন হ’ব। তাত থলুৱা বিভিন্ন জনগোষ্ঠীৰ নিজ নিজ লোক কৃষ্টি দিন-ৰাতি প্ৰদৰ্শন চলি থাকিব, বিহু দিনভৰ চলিব, হ’ব তাই নৃত্যৰ প্ৰদৰ্শন।

ৰংঘৰ প্ৰকল্পৰ মূল “আৰ্টিজান ভিলেজ”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ মৰ্মে ব্যাপক হ’ব। ঘৰবোৰ বিভিন্ন জনগোষ্ঠীৰ ঘৰৰ আৰ্হিৰ হ’ব।তাত বিভিন্ন জনগোষ্ঠীৰ তাঁত শালত শিপিনীয়ে তাঁত বৈ থাকিব।বস্ত্ৰ শিল্পৰ এটা মিউজিয়াম হ’ব।

মূল ৰংঘৰ প্ৰকল্পৰ “ফুড কৰ্ট”ৰ ধাৰণাটো বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ অনুসৰি সম্পূৰ্ণ বদলি যাব। এতিয়া ম’ম’, চাওমিন আদিৰ দৰে পোৱা আধুনিক ৰেষ্টুৰেণ্ট থাকিব যদিও আমাৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ বহু ষ্টল হ’ব; ঘৰবোৰো থলুৱা আৰ্হিৰ হ’ব।

গেষ্ট হাউচটো বিধায়কজনৰ প্ৰস্তাৱ অনুসৰি পূৰ্বতকৈ বৃহৎ হ’ব। কিন্তু এতিয়া G+2 ৰ নহ’ব, হ’ব জি+১। কাৰণ নহ’লে ৰংঘৰতকৈ ওখ হৈ যাব। অখিল গগৈৰ দাবী আছিল ৰংঘৰতকৈ ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ ওখ কৰিব নোৱাৰিব।আনকি ৱাটচ টাৱাৰো ৰংঘৰতকৈ চাপৰ হ’ব। মুখ্যমন্ত্ৰীয়ে মানি লৈছে।

ৰংঘৰ প্ৰকল্পৰ কোনো ঘৰ বা ষ্ট্ৰাক্সাৰৰ ডিজাইন ৰংঘৰৰ দৰে হ’ব নোৱাৰিব— অখিল গগৈৰ দাবী। ৰংঘৰত ডুপ্লিকেট ৰংঘৰ নালাগে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মূল ডিজাইন সলাই আন আহোম স্থাপত্ত্যৰ আৰ্হিত কৰা হওক।

মূল ডিজাইনতকৈ ষ্টাফ কোৱাৰ্টাৰ অধিক কৰ্মচাৰী ৰাখিব পৰাকৈ ডাঙৰ কৰা হ’ব।ব’ট হাউচটোৰ প্লাষ্টিকৰ পেডেল ব’ট সলনি কৰি অসমৰ পৰম্পৰাগত নাওঁ দিবলৈ সিদ্ধান্ত। ব’ট হাউচৰ আৰ্হিটো অসমৰ নাওঁ ঘাটৰ কৰিবলৈ প্ৰস্তাৱ।

ৰংঘৰ প্ৰকল্পৰ কেন্দ্ৰত স্বৰ্গদেউ চুকাফা, প্ৰমত্ত সিংহ, ৰূদ্ৰসিংহ, সতী জয়মতী,লাচিত বৰফুকন আদিৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ। সমিতিয়ে সিদ্ধান্ত ল’ব।কিন্তু ৰংঘৰ প্ৰকল্পৰ ভিতৰতে অন্য ঠাইত বীৰ চিলাৰায়, নৰনাৰায়ণ, অন্যান্য গুৰুত্বপূৰ্ণ ৰজাৰ ছবি, সতী সাধনী, মৰাণসকলৰ ৰজা আদিৰ ছবি ৰাখিবলৈ প্ৰস্তাৱ। কাৰ কাৰ মূৰ্তি অথবা ছবি ৰাখিব তাৰ সিদ্ধান্ত ল’বলৈ বিশেষজ্ঞ সমিতি থাকিব।

শিৱসাগৰ নগৰৰ প্ৰৱেশ পথত দুখন হেৰিটেজ ৱেলকাম গেট স্থাপন; এখন ভতিয়াপাৰত আনখন দৰিকাপাৰত।জয়মতীৰ ফাকুৱা দ’লৰ পানী নিস্কাষণৰ বাবে প্ৰস্তুত কৰা Estimate ত সন্মতি প্ৰদান।শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, পুৰণি পুখুৰী আৰু ন পুখুৰী চাফা কৰি desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।

যমুনা চাফা কৰা আৰু desiltationৰ প্ৰস্তাৱ ৰখা হৈছে।ৰংঘৰ প্ৰকল্পৰ গেট আৰু ৰংঘৰৰ গেট পৃথক হ’লে হ’ব পৰা অসুবিধা উত্থাপন।পৰাপক্ষত ৰংঘৰৰ আগফালেৰেহে পৰ্যটক প্ৰৱেশৰ প্ৰস্তাৱ।

ৰংঘৰ প্ৰকল্পৰ নামত যাতে ৰংঘৰৰ গুৰুত্ব হ্ৰাস নাপায়, ঐতিহ্য ম্লান নহয়, গৰিমাত আঘাত নপৰে তাৰবাবে নিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপন। অখিল গগৈৰ দাবী—- ৰংঘৰ প্ৰকল্পৰ অভিকেন্দ্ৰ হ’ব লাগিব কেৱল ৰংঘৰ; ৰংঘৰৰ গৰিমা হ্ৰাস কৰা কোনো আৰ্হি, কোনো আধুনিক গৃহ নিৰ্মাণ মানি লোৱা নহ’ব। মুখ্যমন্ত্ৰীৰ সন্মতি প্ৰকাশ।

এই বৃহৎ ঘোষণাসমূহ কৰা বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে।

Exit mobile version