Bihu : আমেৰিকাত প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন

74c3cbc6 888a 42f0 9dc8 a973315eff22

Bihu :

সকলোতে এতিয়া ৰঙালীৰ উছাহ, বাদ পৰি ৰোৱা নাই প্ৰৱাসী অসমীয়াসকলো ৷ সুদুৰ আমেৰিকাৰ ছিকাগ’ত শুনা গ’ল ঢোল, পেঁপা গগণাৰ মাত৷ শনিবাৰে আসাম এছ’চিয়েচন অৱ গ্ৰেটাৰ ছিকাগ’ৰ উদ্যোগত ছিকাগ’ চহৰৰ আচিয়ানা বেংকেট হলত উদযাপন কৰা হয় ৰঙালী বিহু৷

ওচৰ চুবুৰীয়া ৰাজ্যসমূহত বাস কৰা সকলো অসমীয়া আহি অংশ লয় ৰঙালীৰ এই বিশাল আয়োজনত৷ বিদেশৰ বুকুত অসমীয়াৰ কলা-সংস্কৃতিৰ শিপা ধৰি ৰখাৰ প্ৰচেষ্টা সকলোৰে।

সেয়েহে আমেৰিকাত জন্মগ্ৰহণ কৰা নৱ প্ৰজন্মইও চেষ্টা কৰিছে বৰগীত গোৱাৰ৷ বলকা দাসৰ সত্ৰীয়া নৃত্যৰ লগতে লক্ষীন্দৰ শৰ্মা আৰু দিগন্ত কলিতাৰ নেতৃত্বত প্ৰজ্ঞান শৰ্মা, সীদ্ধাৰ্থ গৌতম বৰুৱা, পংকজ ভূঞা, অজন্তা তালুকদাৰ, দৰ্শনা শৰ্মা, মিনাক্ষী বৰুৱা, তৃষ্ণালী নেওগ, মেঘালী মজুমদাৰ আৰু ৰূপনীতা ভাগৱতীৰ ’বৰলুইত হুচৰি দল’ৰ হুচৰি প্ৰদৰ্শনে সকলোকে মোহিত কৰে৷ আনহাতে, ইছানা লক্ষিন্দৰে বৰগীত আৰু সাতভণী বিহু নাচ প্ৰদৰ্শন কৰে।

আধুনিক গীত পৰিবেশন কৰে দলি পাঠকে। শিশু আৰু জ্যেষ্ঠসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা এইবছৰৰ ছিকাগ’ ৰঙালী বিহুত মুকলি বিহুয়ে স্থানীয় ছিকাগ’বাসীকো আকৃষ্ট কৰে।

উল্লেখ্য যে, ১৯৭৮ চনত ছিকাগ’ত অসমীয়া লোকসকলৰ মাজলৈ আহিছিল ভাৰতৰত্ন ড° ভূপেন হাজৰিকা৷ সেই কথা সুৱঁৰি আৱেগিক হৈ পৰে কেইবাগৰাকী বয়োজ্যেষ্ঠ৷

Exit mobile version