Kedarnath Yatra : পুণ্যাৰ্থীৰ বাবে আজিৰ পৰা মুকলি হ’ল কেদাৰনাথৰ দুৱাৰ , ধাম সজাবলৈ অনা হ’ল ৩৫ কুইন্টল ফুল

ANI 20221028145655

Kedarnath, Dec 03 (ANI): Mountains surrounding Kedarnath Temple covered in snow as Kedarnath receives fresh snowfall on Friday. (ANI Photo)

Kedarnath Yatra :

আজিৰ পৰা মুকলি কৰা হৈছে কেদাৰনাথ ধামৰ দুৱাৰ । প্ৰতি বছৰে, হেজাৰ হেজাৰ তীৰ্থযাত্ৰীয়ে চাৰ ধাম যাত্ৰা দৰ্শন কৰে। কেদাৰনাথ এই চাৰিটা ধামৰ ভিতৰত এটা।

উত্তৰাখণ্ড প্ৰশাসনে আগতে জনাই যে ২৫ এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা তীৰ্থযাত্ৰীসকলৰ বাবে কেদাৰনাথ ধাম মুকলি কৰা হ’ব।মন্দিৰটো সজাই তুলিবলৈ সোমাবাৰে প্ৰায় ৩৫ কুইণ্টল ফুল অনা হৈছে । মঙলবাৰে পুৱা সমগ্ৰ কেদাৰনাথ ধাম ফুলেৰে সজোৱা হয় ।

যদিও কেদাৰনাথ ধাম পুনৰ মুকলি কৰা হৈছে,পৰিৱেশ অনুকূল বাবে বৰ্তমানৰ বাবে তীৰ্থযাত্ৰীসকলৰ ভ্ৰমণ স্থগিত ৰাখিছে প্ৰশাসনে ।

তিহৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত সিং ভুল্লাৰে জনাই যে বতৰ বিভাগে কেদাৰনাথত তুষাৰপাত আৰু দুৰ্যোগপূৰ্ণ বতৰৰ সতৰ্কবাণী জাৰি কৰিছে।মঙলবাৰে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে হেজাৰ হেজাৰ তীৰ্থযাত্ৰী পবিত্ৰ স্থানলৈ ৰাওনা হয়।

কিন্তু বতৰ অনুকূল নোহোৱাৰ বাবে তেওঁলোকক ভদ্ৰকালী আৰু ব্যাসীত ৰখাই দিয়া হয়। লগতে হৃষীকেশকো থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

অৱশ্যে, বহুতো তীৰ্থযাত্ৰী ইতিমধ্যে প্ৰথম পূজাৰ মুহূৰ্ত চাবলৈ কেদাৰনাথ ত উপস্থিত হৈছিল।কিন্তু ২৯ এপ্ৰিললৈকে কেদাৰনাথত তুষাৰপাতৰ ভৱিষ্যতবাণী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ৩০ এপ্রিলৰ লৈকে এই ভ্ৰমণৰ পঞ্জীয়ন স্থগিত কৰিছে উত্তৰাখণ্ড চৰকাৰে ।

বিশেষকৈ প্ৰতিকূল বতৰৰ বাবে মন্দিৰ সমিতিৰ অধ্যক্ষই তীৰ্থযাত্ৰীসকলক চৰকাৰৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনায় ।

তেওঁ লগতে আহ্বান জনাই যে কেদাৰনাথৰ বতৰ এই মুহূৰ্তত সলনি হৈ আছে। সেয়েহে, তীৰ্থযাত্ৰীসকলে সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰা উচিত।

Exit mobile version