KLO : অভিজিৎ ডেকা আৰু নিপুল ৰায়ক জাতীয় শ্বহীদ ঘোষণা কেএলঅ(কে.এন) ৰ

4e37accd 826b 453e 877a 559446a6a261

KLO :

অসম আৰক্ষীয়ে কেএলঅৰ সদস্যক দুজনক ভূৱা সংঘৰ্ষৰ নাটক ৰচনাৰে গুলিয়াই হত্যা কৰা কাৰ্যক কাপুৰুষালি আখ্যা কেএলঅ(কে.এন) ৰ।

সোমবাৰে কোকৰাঝাৰ জিলাৰ বাউখুংগ্ৰী পাহাৰৰ মাওৰিয়াগাওঁত অসম আৰক্ষী আৰু কেএলঅ(কেএন) ৰ মাজত হোৱা সংঘর্ষত দুজন কেএলঅ(কেএন) ৰ সদস্য নিহত হোৱাৰ লগতে আন চাৰি জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

ইপিনে উক্ত ঘটনাৰ পাছত আজি এক প্ৰেছ বিবৃতি যোগে কেএলঅ(কেএন) ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক ডি এল কোচে সোমবাৰে আৰক্ষীৰে সংঘর্ষত নিহত হোৱা কেএলঅ(কেএন) ৰ সদস্য ওদালগুৰিৰ অভিজিত ডেকা আৰু বঙাইগাঁওৰ নিপুল ৰায়ক জাতীয় শ্বহীদ ঘোষণা কৰে।

লগতে অসম আৰক্ষীয়ে কেএলঅ(কেএন)ৰ সদস্যক দুজনক কৰায়ত্ত কৰাৰ পাছতো ভূৱা সংঘৰ্ষৰ নাটক ৰচনাৰে শূন্য দুৰত্বৰ পৰা শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰা কাৰ্যক কাপুৰুষালি আখ্যা কেএলঅ(কে.এন) ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক ডি এল কোচৰ।

অসম আৰক্ষীয়ে আগতেও বৃন্দাবন,ৰেম্বো,জবৰজং,ভবানন্দকো এনেদৰে কাপুৰুষালিৰে হত্যা কৰিছিল যদিও কামতাপুৰ মুক্তি সংগঠনৰ সশস্ত্র মুক্তি সংগ্ৰামখন স্তব্ধ কৰিব পৰা নাই আৰু কেতিয়াওঁ নোৱাৰে বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰে কেএলঅ(কেএন) ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক ডি এল কোচে।

লগতে ডি এল কোচে প্ৰেছ বিবৃতিত আৰু কয় যে আলোচনাৰ জাল পাতি কেএলঅৰ সশস্ত্ৰ মুক্তি সংগ্ৰামখন স্তব্ধ কৰিব বিচৰা হৈছিল যদিও শত্ৰু পক্ষ বিফল হল।

কোচ নৱপ্ৰজন্মৰ নেতৃত্বত কেএলঅ(কেএন) নামেৰে সশস্ত্ৰ মুক্তি সংগ্ৰামখন নতুনকৈ গতি লাভ কৰা দেখি ইতিমধ্যে দিক বিদিক হেৰুৱাই পেলাইছে শত্ৰু পক্ষ।

লগতে অনাগত দিনত কেএলঅ(কেএন) অধিক হাৰত সংগঠিত হব বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰে কেএলঅ(কেএন) ৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক ডি এল কোচে।

Exit mobile version