PMAY : গোসাইগাওঁত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি

d23181b0 6105 4125 875a 9517126f7ffe

PMAY :

যি সময়ত চৰকাৰে দূৰ্নীতিমুক্ত অসম গঢ়াৰ পৰিকল্পনা কৰি আছে। ঠিক তেনে সময়তে কোকৰাঝাৰ জিলাৰ কচুগাঁও উন্নয়ন খণ্ডৰ গামবাৰিবিল ভিচিডিচিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে।

ADVERTISEMENT

অভিযোগ অনুসৰি প্ৰতিটো গৃহৰ জিঅ’ টেগ বা ফটো মাৰোতে ৫০০ টকাকৈ লাগে ভিচিডিচিৰ জি আৰ এছক। তথ্য অনুসৰি চৰকাৰী গৃহৰ প্ৰতিটো কিস্তিৰ টকা উঠাবলৈ গৃহৰ ফটো মৰাটো বাধ্যতামূলক

কিন্ত প্ৰতিবাৰেই গৃহৰ ফটো মাৰোতে ভিচিডিচিৰ জি আৰ এছক দিব লাগে ৫০০ টকাকৈ। কচুগাঁও উন্নয়ন খণ্ডৰ গামবাৰিবিল ভিচিডিচিত জি আৰ এছৰ দায়িত্বত আছে জগন্নাথ সাহা ওৰফে নিত্তা সাহা।

জি আৰ এছ জগন্নাথ সাহাই চৰকাৰী গৃহ আৱণ্টন পোৱা দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ৫০০ টকাকৈ লৈ থকা ভিডিও বন্দী হৈছে কেমেৰাত।

৫০০ টকা নিদিলে গৃহৰ ফটো নামাৰে জিআৰএছ গৰাকীয়ে। এয়া অকল এখন ভিচিডিচিতে হৈ আছে এনে নহয়, প্ৰতিটো ভিচিডিচিত এনেদৰে দাবী ধমকিৰে টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।হিতাধিকাৰী সকলে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে লগতে শাস্তি বিচাৰিছে দূৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীৰ।

Exit mobile version