Manipur Bomb Blast :
চুবুৰীয়া ৰাজ্য মণিপুৰত ভয়ংকৰ বিস্ফোৰণ৷ উখৰুল জিলাত যোৱা নিশা সংঘটিত হয় এই বোমা বিস্ফোৰণ ৷ এই ঘটনাত গুৰুত্বৰভাৱে আহত পাঁচজন লোক ৷ তথ্য অনুসৰি ইয়াৰে এজনৰ অৱস্থা সংকটজনক ।
প্ৰাপ্ত খবৰ মতে, উখৰুল জিলাৰ মাখন দোকান আৰু ভিউলেণ্ড বাপ্টিষ্ট গীৰ্জাৰ মধ্যঞ্চলত সংঘটিত হৈছিল বোমা বিস্ফোৰণ ৷
এই ঘটনাৰ পাছতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত উখৰুল জিলা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ সমীপৱৰ্তী উখৰুল চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷
বোমা বিস্ফাৰিত কৰা বিদ্ৰোহীৰ সন্ধানত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে ,এই ঘটনাৰ পূৰ্বে ২১ মাৰ্চত আই ই ডি বিস্ফোৰিত ঘটনা সংঘটিত হৈছিল ৷
অৱশ্যে এই ঘটনাত কোনোলোক হতাহত হোৱা নাছিল৷ ধাৰাবাহিক বোমা বিস্ফোৰণক লৈ ত্ৰস্তমান হৈ পৰিছে স্থানীয়লোক ৷