Social Media Tranding : আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ ছ’ছিয়েল মিডিয়া ট্ৰেণ্ডিং

Social Media Tranding :

অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সকলো ক্ষেত্ৰতে আকাশলংঘী মূল্যবৃদ্ধিৰে বিজেপি চৰকাৰক ৰাইজক শোষণ কৰাৰ সন্দৰ্ভত এক ছ’ছিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযানৰ জৰিয়তে অসম তৃণমূল কংগ্ৰেছ দলে এক ৰাজ্যজোৰা প্ৰতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

এই সন্দৰ্ভত ট্ৰেণ্ডিঙত অংশ লৈ মূল্যবৃদ্ধিৰে ৰাইজক জ্বলা কলা খুওৱা বিজেপি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

বৰাই কয়,’খাদ্য সামগ্ৰী, পৌৰ কৰ, সম্পত্তি কৰ আদি সকলোতে অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰে ৰাইজক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে। ইফালে বছৰি দুই কোটি চাকৰি দিম বুলি মহা প্ৰতিশ্ৰুতি দি একো কৰিব নোৱাৰাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। ফলত জনসাধাৰণৰ অৱস্হা তথৈবচ হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰে কোনো কানসাৰ নাই। সেয়ে সকলোৱে এতিয়া বিজেপিৰ জনবিৰোধী অপশাসনৰ পৰা মুক্তি বিচাৰিছে।’

আনহাতে দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাও অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কিন্তু সকলো দেখি শুনিও বিজেপি চৰকাৰৰ নিৰ্বিকাৰ নিৰ্লিপ্ততাত ক্ষোভ প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ নেতাজনে।

আনহাতে আজি অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে চ’ছিয়েল মিডিয়া ট্ৰেণ্ডিঙত অংশ লোৱা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমূহ দলীয় নেতা-কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে।

#TMCAgainstPriceHike সহ দিনৰ ১২ বজাৰ পৰা আৰম্ভ কৰা এই ট্ৰেণ্ডিঙে ছ’ছিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰা বুলি দিলীপ কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।

Exit mobile version