Baratiya Mazdur Sangha : ভাৰতীয় মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান উপায়ুক্তক

df6bc670 c8e3 4fe8 8c6e 37ec698af8ae

Baratiya Mazdur Sangha :

ভাৰতীয় মজদুৰ সংঘৰ গ্ৰেটাৰ নগাঁও জিলা সমিতিয়ে আজি বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰন কৰে৷

উল্লেখ্য যে,বিহাৰৰ ৰাজধানীত অনুষ্ঠিত হোৱা ভাৰতীয় মজদুৰ সংঘৰ বিশেষ সভাত ৰাষ্ট্ৰীয় শ্ৰম নীতি কাৰ্যকৰী কৰা,ঠিকাভিত্তিক শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰা,অংগনৱাড়ী কৰ্মী- সহায়িকাৰ পাৰিশ্ৰমিক বৃদ্ধি কৰি চাকৰি স্থায়ীকৰণ কৰা আদি ভিন্ন বিষয়ত কে’বাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷

পাটনা সভাৰ সিদ্ধান্ত অনুসৰি আজি সমগ্ৰ দেশজুৰি উল্লিখিত দাবী সম্বলিত স্মাৰকপত্ৰ পত্ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু সংশ্লিষ্ট ৰাজ্য মুখ্যমন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে সংঘৰ জিলা কমিটি সমূহে ৷

নগাঁও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ভাৰতীয় মজদুৰ সংঘৰ অবিভক্ত নগাঁও জিলা গোটৰ সভানেত্ৰী দিপ্তী বৰা শইকীয়া সহ কেবা গৰাকী অংগনৱাড়ী কৰ্মী – সহায়িকা সন্থাৰ নেত্ৰীয়ে ৷

Exit mobile version